English, asked by bosconion, 10 months ago

মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধােৱা,
নিশাৰ তৰা এটি সৰিয়েহে আছে।
সৰগত টোপনি যােৱা।
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপােন দেখিছে।
কোনে হাঁহিছিল নাচি।


summary of this lines​

Answers

Answered by kirankaurspireedu
0

Answer:

ফটিক পানীৰে ধােৱা নিয়ৰ কণাবােৰ ৰাতিপুৱা ফুলৰ পাহি, গছ-বনৰ পাছত উলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবােৰহে তাত সৰি পৰি আছে। কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা কোনােবা হাঁহি হাঁহি নাচি থকা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা সেমেকি উঠা একোটোপাল চকুপানী। সেই চকুপানী অথবা মুকুতা মণি নিয়ৰ হৈ ফুলপাহিত পুৱাৰ হেঙুলি পােহৰত জিলিকি উঠিছে। কিন্তু দুখৰ কথা কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰবােৰলৈ থৰ লাগি চাই থাকোতেই এজাক বতাহে আহি ফুলৰ পাহিবােৰ জোকাৰি পেলাই নাইকিয়া কৰিলে ৷

Explanation:

উদ্ধৃত কবিতা ফাকি ‘প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা ৰচিত “নিয়ৰ কবিতাটিৰ অন্তৰ্গত।

ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনােৰম কল্পনা এই কবিতা ফাকিৰ জৰিয়তে প্রকাশ পাইছে। ফটিক পানীত ধােৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰক কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ হেঙুলি বেলিৰ পােহৰত সেমেকি পৰা চকু পানীৰ লগত তুলনা কৰিছে।

আনহাতে নিজম আকাশৰ হিয়াত সাঁচি থােৱা কান্দোন ভাবৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনােবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মনিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে। কোনােবাই কাহানিবাই দেখা সপােনৰ ই যেন অভিব্যক্তি।

গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি এনে অনুভৱ হয় যেন কোনােবা সৰগীয় নাচনীৰ গলৰ মালা ছিগি বহুমুলীয়া মণিহে এটি এটিকৈ পৰি আছে। আনহাতে এনেদৰেও কল্পনা কৰা যায় যেন কোনােবা ক্রন্দনৰত অপেশ্বৰীৰ চকুপানীহে টোপাটোপে পৰি আছে।

#SPJ3

Similar questions