World Languages, asked by mohibulhq2019, 11 months ago

(গ) হীৰেণ ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল ?​

Answers

Answered by morshedat
0

Answer:

হীৰেন ভট্টাচাৰ্য (ইংৰাজী: Hiren Bhattacharyya) (২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২) - অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি৷ তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩ খন অসমীয়া ভাষাত কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'৷[2] তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক ড০ হীৰেন গোঁহাইয়ে কৈছে যে-তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত ৷ কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব ৷ [3]

Explanation:

Similar questions