Art, asked by monimalajikia85, 8 months ago

শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ' কীৰ্তন - ঘোষা 'ৰ বিষয়ে এটি চমুটোকা লিখা |​

Answers

Answered by nivabora539
19

Answer:

কীৰ্তন-ঘোষা হৈছে আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়।

প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল৷ কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল৷ শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে৷ সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে।

অধ্যায়সমূহ

কীৰ্তন ঘোষাত শঙ্কৰদেৱৰদ্বাৰা ৰচিত ২৭ টা অধ্যায় সন্নিৱিষ্ট হৈছে। প্ৰকাশিত পুথিত থকা বাকীকেইটা ক্ৰমে ৰত্নাকৰ কন্দলি, শ্ৰীধৰ কন্দলি আৰু মাধৱদেৱে ৰচনা কৰা (কোনো কোনো পণ্ডিতৰ মতে)।

প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ

দ্বিতীয় খণ্ড: নাম-অপৰাধ

তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন

চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন

পঞ্চম খণ্ড: অজামিল উপাখ্যান

ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত

সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান

অষ্টম খণ্ড: হৰমোহন

নৱম খণ্ড: বলিছলন

দশম খণ্ড: শিশুলীলা

একাদশ খণ্ড: ৰাস-ক্রীড়া

দ্বাদশ খণ্ড: কংসবধ

ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ

চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ

পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ

ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ

সপ্তদশ খণ্ড : কালযৱন বধ

অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি

ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)

বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন

একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন

দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান

ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন

চতুৰ্বিংশতি খণ্ড : বেদস্তুতি

পঞ্চৱিংশ খণ্ড : লীলামালা

ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ

সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য

পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত

পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন

পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

Similar questions