২) ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল -কথাষাৰ বুজাই লিখা।
) গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
Answers
Answer:
১৯২১ চনত গান্ধীজীয়ে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি অসহযোগ আন্দোলনৰ তাৎপৰ্য্য ব্যাখ্যা কৰিলে। মানৱ দেহৰ শত্ৰু কানি-ভাং-মদ এৰিবলৈ, বিদেশী বস্তু বৰ্জন কৰিবলৈ, প্ৰতিজন ভাৰতবাসীকে নিজে কপাহৰ সূতা কাটি কাপোৰ বৈ ল’বলৈ আহ্বান জনালে। কিন্তু অসমত জাতীয় কংগ্ৰেছৰ বিশেষ অস্তিত্ব নথকাত অসমত জাতীয় কংগ্ৰেছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়ে এই সুযোগ গ্ৰহণ কৰি গান্ধীজীক অসমলৈ আমন্ত্ৰণ জনালে। এই আমন্ত্ৰণ ৰক্ষা কৰি ১৯২১ চনৰ আগষ্ট মাহৰ ১৮ তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গুৱাহাটীত উপস্থিত হোৱাত মহাত্মা গান্ধীক অসমীয়া জনগণে বিপুল আদৰণি জনাইছিল। গান্ধীজীৰ উপস্থিতিয়ে নৱগঠিত কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাসকলৰ উপৰিও অসমীয়া জনগণক আলোড়িত কৰি তুলিছিল। অসমৰ গুৱাহাটীৰ লগতে বৰাক, তেজপুৰ, ডিব্ৰুগড় আদি স্থান ভ্ৰমণ কৰি বৃটিছৰ বিৰুদ্ধে জনগণক সংগৱদ্ধভাৱে হৈ আন্দোলনত ভাগ ল’বলৈ আহ্বান জনাইছিল। ১৯২১ৰ বৃটিছ শাসনৰ লগত জুই-পানীৰ অসযোগ চলি থাকোঁতেই অসমলৈ গান্ধীজীৰ আগমনে অসমীয়া লোকৰ পূৰ্বৰ বৃটিছ বিৰোধী স্থিতিক অধিক তীব্ৰতৰ কৰি কৰিলে ।
২) ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল -কথাষাৰ বুজাই লিখা