Geography, asked by himantahandique41, 9 months ago

অসমৰ খনিজ সম্পদসমূহৰ বিষয়ে লিখা​

Answers

Answered by TRISHNADEVI
9

 \huge{ \underline{ \overline{ \mid{ \mathfrak{ \purple{ \:   \: ANSWER \:  \: } \mid}}}}}

  \huge\underline{ \underline{ \text{  \red{\: অসমৰ  \: খনিজ  \: সম্পদ \: }}}}

অসমৰ আটাইতকৈ মূল্যবান প্ৰাকৃতিক সম্পদ হৈছে : খনিজ সম্পদ ৷ খনিজ সম্পদ অসম অতিশয় চহকী ৷ ভাৰতৰ খনিজ সম্পদৰ ইতিহাসত অসমৰ কেৰাচিন আৰু পেট্ৰ'লৰ কাহিনী চিৰদিন সৰ্বপ্ৰথমে সোণালী আখৰেৰে লিখা ৰ'ব ৷ ১৯১৮ চনত ইংৰাজ কোম্পানীয়ে ইয়াত তেলৰ খনি আৱিষ্কাৰ কৰে ৷ ডিগবৈ অঞ্চলত পোৱা তেলেই ভাৰতৰ প্ৰথম আৱিষ্কৃত তেলৰ খনি ৷ ভাৰতৰ ভিতৰত অসমতে আটাইতকৈ বেছি তেলৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে ৷ নাহৰকটীয়া, দুলীয়াজান, ৰুদ্ৰসাগৰ, লাকুৱা, মৰাণ আদি অঞ্চলত যথেষ্ট পৰিমাণে তেল পোৱা গৈছে ৷ অসমত তেলৰ সন্ধান পোৱা কেতবোৰ ঠাইত তেল শোধনাগাৰ নিৰ্মাণ কৰা হৈছে ৷ অসমৰ এই তেলে ৰাজ্যৰ লগতে দেশৰ অৰ্থনীতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে |

অসমৰ আন এবিধ খনিজ সম্পদ হৈছে কয়লা ৷ লিডু, মাৰ্ঘেৰিটা, লিপং, মাকুম আদি অঞ্চলত যথেষ্ট পৰিমাণে কয়লা পোৱা গৈছে ৷ ইয়াৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ কয়লা পঠোৱা হয় ৷ কয়লাৰ পৰা আলকাতৰাৰে পৰা আদি কৰি নানাবিধ সুগন্ধি মচলা, ৰং আৰু ছেকাৰিন আদি তৈয়াৰ কৰা হয় ৷

চূণশিল হৈছে অসমৰ আন এবিধ খনিজ সম্পদ ৷ কাৰ্বি আংলং, উত্তৰ কাছাৰ আদি জিলাত চূণশিলৰ বিপুল ভাণ্ডাৰ আছে আৰু ইয়াৰে ভিত্তিত বোকাজানত এটি চিমেন্ট কাৰখানা গঢ়ি উঠিছে ৷

তেল, কয়লা আদি খনিজ সম্পদৰ পৰা অসমে যথেষ্ট ৰয়েল্টি লাভ কৰে ৷এই খনিজ সম্পদসমূহৰ পৰা আন আন সামগ্ৰী তৈয়াৰ কৰা বিভিন্ন উদ্যোগ অসমত গঢ়ি উঠিছে ৷এইবোৰেও অসমৰ অৰ্থনীতিত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে ৷

Similar questions