India Languages, asked by nivritipatgiri, 9 months ago

ব্ৰজাৱলী ভাষা কাক বোলে​

Answers

Answered by indranihazra8
7

ব্ৰজাৱলী ভাষা অসমৰ কিছু কিছু অঞ্চলত পঞ্চদশ-ষোড়শ শতাব্দীত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা নিৰ্মিত আৰু ব্যৱহৃত এক ধৰনৰ সাহিত্যিক ভাষা বিশেষ। এই ভাষা তেওঁ বৰগীত আৰু অংকীয়া নাট ৰচনাৰ সময়ত ব্যৱহাৰ কৰিছিল। এই ভাষাৰ সমৰূপ ভাষা বাংলা আৰু উৰিষ্যাত প্ৰচলিত থাকিলেও অসমত প্ৰচলিত ব্ৰজাৱলী ভাষা সেইবোৰতকৈ ভিন্ন ধৰনৰ আছিল। অন্যান্য সমৰূপ ভাষাসমূহ ব্ৰজভাষাৰ ওপৰত নিৰ্ভৰশীল হ’লেও ব্ৰজাৱলী ভাষা মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত গঠিত হৈছিল।[1][2]:২৫৭ সাধাৰণভাৱে এই ভাষাৰ কথিত ৰূপত অসমীয়া শব্দৰ প্ৰচলন আছিল বাবে অসমৰ মানুহে সহজেই এই ভাষা বুজিব পাৰিছিল।[2]:২৪৬

সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে "মৈথিলী আৰু অবহট্ট ভাষাৰ লগত অসমীয়া ভাষা সৃষ্টি হৈছে।" মহেশ্বৰ নেওগৰ মতে "মৈথিলী ভাষাৰ ওপৰত বৈয়াকৰণিক আৰু আভিধানীক ৰূপৰ লগতে পশ্চিমা হিন্দী শব্দৰ সহায়ত অসমীয়া ব্ৰজাৱলী ভাষা ৰ সৃষ্টি হৈছিল।" সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে কৈছে "বজাৱলী কৃত্ৰিম বা সংমিশ্ৰিত ভাষা। এই মিশ্ৰণত মৈথিলী অৰ্থাৎ বিদ্যাপতিৰ ভাষা যে অন্যতম উপাদান ই নিশ্চত।" মুঠতে ব্ৰজাৱলী কোনো আঞ্চলিক কথিত ভাষা নহয়। নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য সৃষ্টি কৰা এটা কৃত্ৰিম সাহিত্যিক ভাষা।

please mark me as a BRAINLIEST..

Answered by phukand945
0

Explanation:

This is your answer hope this answer helps you

Attachments:
Similar questions