Hindi, asked by nbidyut573, 10 months ago

সি গুৱাহাটীলৈ গৈছিল

Answers

Answered by Anonymous
1

Explanation:

Class 10 | ৪২ টা ভুল বাক্যৰ শুধৰণি

১। মোৰ মনত তেৱেঁই ডাঙৰ মানুহ।

 মোৰ মানত তেৱেঁই ডাঙৰ মানুহ।

২। যা হওক সি ঠিক সময়ত আহি ওলালহি।

 যি কি নহওঁক সি ঠিক সময়ত আহি

ওলালহি।

৩। এই কিতাপখন মোৰ কোনো কামত

নালাগে।

 এই কিতাপখন মোৰ কোনো কামত নাহে।

৪। মোটৰ ওপৰত কথাটো সত্য।

 মুঠৰ ওপৰত কথাটো সত্য।

৫। এই ষ্টেচনত গাড়ী আধা ঘণ্টা থামে।

 এই ষ্টেচনত গাড়ী আধা ঘণ্টা ৰয়।

৬। কেঁচুৱাটোৰ টোপনি আহিছে।

 কেঁচুৱাটো টোপনি গৈছে।

৭। এতিয়া তিনিটা বাজিছে।

 এতিয়া তিনি বাজিছে।

৮। ল'ৰাজন এইমাত্ৰ ঘৰত গ'ল।

 লৰাজন এইমাত্ৰ ঘৰলৈ গ'ল।

৯। প্ৰধান শিক্ষকক লগ কৰিলা নে?

 প্ৰধান শিক্ষকক লগ ধৰিলা নে?

১০। সি মোক গালি দিছে।

 সি মোক গালি পাৰিছে।

১১। প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি

অহিবা।

 প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি

অহিবা।

১২। সি অহাকালি গুৱাহাটীলৈ যাব।

 সি কাইলৈ গুৱাহাটীলৈ যাব।

১৩। সি যোৱাকালি গুৱাহাটীলৈ গৈছিল।

 সি কালি গুৱাহাটীলৈ গৈছিল।

১৪। সি ঠেহ পাতি বিছনাত শুই আছে।

 সি ঠেহ পাতি পাটীত শুই আছে।

১৫। একাদশীত ভাত খাবলৈ নাপায়।

 একাদশীত ভাত খাব নাপায়।

১৬। সি কামৰ পৰা আহি ভাত খাব ধৰিছে।

 সি কামৰ পৰা আহি ভাত খাবলৈ ধৰিছে।

১৭। মই কাইলৈ যোৰহাট যাম।

 মই কাইলৈ যোৰহাটলৈ যাম।

১৮। তোমালোক আটাইবিলাক আহিবা।

 তোমালোক আটায়ে আহিবা।

১৯। তেওঁ ভাল গায়।

 তেওঁ ভালকৈ গায়।

২০। ৰাইজসকলক উদ্দেশ্য কৰি সি কথাটো

ক'লে।

 ৰাইজক উদ্দেশ্য কৰি সি কথাটো ক'লে।

২১। তুমি অথনি যাবা।

 তুমি অথনিকৈ যাবা।

২২। এনেয়ে এইদৰে গালি দিব নাপায়।

 এনেয়ে এইদৰে গালি পাৰিব নাপায়।

২৩। মই ভাত খায় স্কুল গ'লোঁ।

 মই ভাত খায় স্কুললৈ গ'লোঁ।

২৪। মোৰ মূৰ বিষাইছে।

 মোৰ মূৰটো বিষাইছে।

২৫। কাইলৈ এটা বজাত আহিবা।

 কাইলৈ এক বজাত আহিবা।

২৬। তোমাৰ দেউতাই কিয় চাহ নাখাই?

 তোমাৰ দেউতাৰাই কিয় চাহ নাখায়?

২৭। এতিয়া বজাৰ যাম।

 এতিয়া বজাৰলৈ যাম।

২৮। তেওঁ সিংহাসনত আহৰণ কৰিলে।

 তেওঁ সিংহাসনত আৰোহণ কৰিলে।

২৯। বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা।

 বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা।

৩০। এইখন দশম মান শ্ৰেণীৰ পাঠ্য।

 এইখন দশম শ্ৰেণীৰ পাঠ্য।

 এইখন দশম মানৰ পাঠ্য।

৩১। ৰংবং অহাকালি ডিফুলৈ যাব।

 ৰংবং কাইলৈ ডিফুলৈ যাব।

৩২। তোমাৰ মা ঘৰত আছেনে?

 তোমাৰ মাৰা ঘৰত আছেনে?

৩৩। তোমাৰ দেউতা ঘৰত আছেনে?

 তোমাৰ দেউতাৰা ঘৰত আছেনে?

৩৪। চাৰিটা বজাৰ লগে লগে আমি যাম।

 চাৰি বজাৰ লগে লগে আমি যাম।

৩৫। চাৰ্থেসিং কালি হামৰেঙলৈ যাব।

 চাৰ্থেসিং কাইলৈ হামৰেঙলৈ যাব।

৩৬। সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল।

 সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল।

৩৭। মই স্কুললৈ যাবৰ বাবে বাছ ৰখি আছোঁ।

 মই স্কুললৈ যাবৰ বাবে বাছ অহালৈ

অপেক্ষা কৰি আছোঁ।

৩৮। সি কালিলৈকে ঘৰ পালেহি।

 সি কালি ঘৰ পালেহি।

৩৯। আমি কেইটা বজাত যাত্ৰা আৰম্ভ কৰিম?

 আমি কেই বজাত যাত্ৰা আৰম্ভ কৰিম?

৪০। তোমাৰ মাৰ ঘৰ ক'ত?

 তোমাৰ মাৰাৰ ঘৰ ক'ত?

৪১। আমি বজাৰ যাম।

 আমি বজাৰলৈ যাম।

৪২। ভেঁটফুল ৰাতি ফুটে।

 ভেঁটফুল ৰাতি ফুলে।

 অন্যান্য শিক্ষামূলক প্ৰৱন্ধসমূহ :

✒️ ৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ

তোমাৰো হ'ব পাৰে।

✒️ ৬ টা উপায় দীঘলীয়া উত্তৰ সহজে মূখস্থ

কৰাৰ।

 Assamese Grammar :-

 বিপৰীত শব্দ।

(SEBA QUESTION BANK 2019)

 সমাৰ্থক শব্দ।

(SEBA QUESTION BANK 2019)

 সমাস।

(SEBA QUESTION BANK 2019)

 সন্ধি।

(SEBA QUESTION BANK 2019)

 এটা শব্দত প্ৰকাশ কৰা।

(SEBA QUESTION BANK 2019)

 ৭০ টা এটা শব্দত প্ৰকাশ কৰা।

 খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।

(SEBA QUESTION BANK 2019)

 বাক্য পৰিবৰ্তন।

Similar questions