Political Science, asked by nathnishita092, 8 months ago

যোগাযোগ শিক্ষাৰ ৩ টা কুফল লিখা​

Answers

Answered by radhika6719
2

Explanation:

সৰ্বসাধাৰণ লোকৰ মনত থকা এটা জনপ্ৰিয় ধাৰণা হৈছে যে শিক্ষা লাভ কৰিবৰ বাবে অথবা শিক্ষিত লোক হ’বলৈ হ’লে মানুহে ‘স্কুল’ বোলা অনুষ্ঠানলৈ যাব লাগে। স্কুললৈ নোযোৱা লোকজনেই হৈছে অশিক্ষিত আৰু অজ্ঞ। ইংৰাজী ভাষাতো কোৱা হয় যে ‘Schooling’ মানেই শিক্ষা লাভ কৰা কাৰ্য। অৰ্থাৎ সেই সময়ত ভবা হৈছিল যে স্কুলঘৰলৈ নোযোৱাজনেই অজ্ঞ, নিৰক্ষৰ আৰু অশিক্ষিত লোক। ‘জনা-বুজা’, শিশিত অথবা জ্ঞানী-গুণী লোক হ’বলৈ মানুহে স্কুলঘৰলৈ লিখা-পঢ়া কৰিবলৈ যাবই লাগিব। অৱশ্যে আজি শিক্ষা-প্ৰযুক্তি বিজ্ঞানৰ ব্যৱস্থাই এনেবোৰ পুৰণি ধাৰণা উলট-পালট কৰি পেলাইছে। আজি স্কুল বা শিক্ষা প্ৰতিষ্ঠানলৈ নোযোৱাকৈও মানুহ শিক্ষিত বা শিক্ষালব্ধ হৈ উঠিব পাৰে। এই কথাও প্ৰাসংগিকভাৱে উল্লেখ কৰিব পাৰি যে পৃথিৱীবাসীৰ সকলো লোককে আজি শিক্ষাৰ প্ৰয়োজন যদিও সকলোৰে বাবে স্কুলঘৰৰ বাহিৰত আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰাটো সম্ভৱপৰ নহয়। পৃথিৱীখনত বৰ্তমানেও অৰ্ধতকৈ অধিক সংখ্যক লোক স্কুলৰ চাৰিবেৰৰ বাহিৰত থাকিবলগীয়া হয়। এনে এটা পৰিস্থিতিত স্কুলীয়া শিক্ষাৰ বিকল্প ব্যৱস্থা এটাও অৱশ্যে ইতিমধ্যে গঢ় লৈ উঠিছে। ইয়াক অগতানুগতিক শিক্ষা স্বৰূপে জনা যায়। ইয়াৰ স্বৰূপ আৰু সাংগঠনিক ক্ৰিয়া-কলাপ আদিও বৰ্তমান দেশ আৰু সমাজৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈ উঠিছে।

Similar questions