India Languages, asked by manishabegum797, 9 months ago

কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি​

Answers

Answered by Hemalathajothimani
33

Explanation:

কোনো কাম হাতত লোৱাটো ব্যত্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্হলী সুসং গঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা , সাহিত্য , সুকুমাৰ কলা , দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগ বঢ়াইছে ।

ভাৰতত আদিম অধিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্থৰ কৃষ্ঠি সমল গ্ৰহন কৰি স্বকীয় সংস্কৃতিত পৰিবৰ্ধন কৰিছিল । প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক হে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছিল। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্পী, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমণ্বয়ৰ ইংগিত পাই আহিছিলো।

আনহাতে হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা নিদৰ্শন পোৱা গৈছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল।

মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন বীৰাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা লমষ্ঠি জীৱনৰ কোনো সংবাদ নাছিল। আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন ধাৰাত ব্যক্তি মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্চস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদদলিত সাধাৰণ মানুহে অদষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল।

সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অতন্ত্য চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উকৰ্ষ লাভ কৰিছিল। সেইদৰে মাহাৰাষ্টৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীত। অতীজৰ স আৰু সত্য়ৰূপে স্বীকৃত সাংস্কতিক সম্পদৰ সৈতে বৰ্তমান সাংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমণ্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবঢ়া উচিত।

১২ । 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু' এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপে সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা- সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমণ্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে পেৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙনি যোগাইছিল। বিভিন্ন দেৱ-দেবীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেই বোৰ প্ৰায়ে দ্ৰবিড় সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজকনীতি শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জিয়াই ৰখা হৈছিল।

ভাৰতীয় ভাস্কৰ্য্যৰ আৰ্হি। এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।

১৫)

Similar questions