অতি চমু উত্তৰৰ প্রশ্ন ঃ
১। বিনিময় প্রথা কি?
২। মুদ্রা কি ?
৩। মুদ্ৰাৰ এটা মুখ্য কার্য উল্লেখ কৰা।
অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ?
বেংক কি?
৪।
৬
Answers
Answer:
এইটা কোন class আর subject এর প্রশ্ন ???
Answer:
১. বিনিময় প্ৰথা কি ?
উত্তৰ:- বিনিময় হ'ল মানুহৰ সকলো পাৰ্থিব অৱস্থানৰ মূল উপাদান। পুৰণি কালত মানুহে জীৱন ধাৰণৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ নিজেই উৎপাদন কৰি লৈছিল আৰু কিছুমান সামগ্ৰী নিজৰ উৎপাদিত বস্তুৰ লগত বিনিময়ৰ যোগেদি সংগ্ৰহ কৰিছিল।
২. মুদ্ৰা কি ?
উত্তৰ:- অৰ্থনীতিবিদ জীয়ফ্ৰী ক্ৰাউথাৰমতে, " বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণ যোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সমগ্ৰীয়েই হ'ল মুদ্ৰা ।
৩. মুদ্ৰাৰ এটা মূখ্য কাৰ্য উল্লেখ কৰা।
উত্তৰ:- মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে।
৪. অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
উত্তৰ:- চেক।
৫. প্ৰতিনিধিত্ব মূলক কাগজী মুদ্ৰা কাক বোলে।
উত্তৰ:- পূৰ্বৰ কাগজী মুদ্ৰা সমমূল্যৰ সোন বা ৰূপলৈ পৰিৱৰ্তন কৰা হৈছিল । এনে কাগজী মুদ্ৰাক' প্ৰতিনিধিত্ব মূলক কাগজী মুদ্ৰা' বোলা হয়।
৬. বেংক কি?
উত্তৰ:- বেংক হ'ল এক প্ৰকাৰৰ বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে।
mark this answer as Brainlist