Political Science, asked by protiksha59, 6 months ago

ভাৰতীয় সংবিধানৰ আদৰ্শ কেইটা কি কি?​

Answers

Answered by Kaushalsingh74883508
1

Explanation:

ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে।

দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়।[1] উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰবৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে; এই দেশৰ নাগৰিকসকলৰ বাবে ন্যায়বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃভাৱ জাগৰিত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে।

Similar questions