World Languages, asked by mizanulhoque832, 7 months ago

ছ'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?

Answers

Answered by mufiahmotors
6

Answer:

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- 3 ধাতু আৰু অধাতু(Metals and Non Metals) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

ধাতু আৰু অধাতু – প্ৰশ্নাৱলী, Page No- 40  

1.ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উঞ্চতাত (room temperature) জুলীয়া।

উত্তৰ – পাৰা

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

উত্তৰ – লিথিয়াম

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

উত্তৰ – ৰূপ

(iv) তাপৰ কম পৰিবাহী।

উত্তৰ – সীহ

2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা ।

উত্তৰ – কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি ৷ ধাতুৰ এই ধৰ্মকে ঘাত সহনীয়তা বোলে ৷

ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে নমীয়তা বোলে ৷

প্ৰশ্নাৱলী, Page No- 46  

Advertisement

 

1.ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?

উত্তৰ – ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু ৷ ইয়াক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে ৷ সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা হয় ৷

2.তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা—

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

উত্তৰ – 3Fe(s) +  4H2O(g)  → Fe3O4(s) + 4H2(g)

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।

উত্তৰ – Ca(s) + 2H2O(l) → Ca(OH)2(aq) + H2(g)

2K(s) + 2H2O(l) → 2KOH(aq) + H2(g) + তাপশক্তি

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

Explanation:

hope u understood mark me as brainlist

Answered by hemantabaruah23
6

Answer:

ছডিয়ামৰ দৰে অধিক সক্ৰিয় ধাতুৱে অক্সিজেনৰ লগত ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।

mark this answer as Brainlist

Similar questions