Social Sciences, asked by memaidoley, 4 months ago

মহাত্মা গান্ধী যে কাৰ কাৰ সহায়ত সবৰমতি আশ্ৰম ত উৎপাদন ৰ পাতনি মেলিছে?​

Answers

Answered by Anonymous
0

Answer:

মোহনদাস কৰমচান্দ গান্ধী (গুজৰাটী: મોહનદાસ કરમચંદ ગાંધી; ইংৰাজী: Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়।[1] তেখেতক সাধাৰণতে মহাত্মা (ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক 'মহান আত্মা')[2] নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক জাতিৰ পিতাৰ মৰ্য্যদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।

Similar questions