এই এই জৈন ধৰ্ম আৰু ছোৱালী আছে নে নাই সেই বিষয়ে পৰিয়ালৰ লোকৰ চিন্তাৰ কাৰণ হৈছিল নে নাই সেই বিষয়ে পৰিয়ালৰ লোকৰ চিন্তাৰ কাৰণ হৈছিল নে নাই সেই বিষয়ে পৰিয়ালৰ লোকৰ চিন্তাৰ কাৰণ
Answers
Answer:
please follow me on brainlist
Explanation:
ধৰ্ম বিপ্লৱৰ যুগ- ধৰ্ম বিপ্লৱৰ কাৰণ, জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম
জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ প্ৰচাৰ এটা ধৰ্ম বিপ্লৱ আছিল বুলি কব পাৰি। অৱশ্যে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ আগতেই ভাৰতীয় ধৰ্ম চিন্তাত কিছুমান নতুনত্ব দেখা গৈছিল যাৰ ফলত বৌদ্ধ ধৰ্মৰ বিকাশৰ পথ সুগম হৈছিল। বৈদিক যুগৰ শেষৰ পিনৰ পৰাই এই পৰিৱৰ্তন দেখা গৈছিল। উপনিষদৰ সময়ৰ পৰাই আৰণ্যক সৈন্যাসী সকলে পশু বলী, যাগ-যজ্ঞ আদি তামসীক প্ৰথাৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিল। তেওঁলোকে কৰ্ম ফলত বিশ্বাস কৰিবলৈ লৈছিল। অৰ্থাৎ মানুহে যেনেদৰেই কাম কৰে তেনেদৰেই ফল ভোগ কৰিবলে পায়। যাগ-যজ্ঞৰ দ্বাৰা কৰ্ম ফলৰ পৰা মুক্ত হ’ব নোৱাৰে। অৱশ্যে এই আৰণ্যক সৈন্যাসী সকলে ভাবে যে কেৱল মাত্ৰ নৈতিক শুদ্ধতাৰ দ্বাৰা কৰ্ম ফলৰ পৰা মুক্তি পাব পাৰি। তেওঁলোকে ব্ৰাহ্মণৰ শ্ৰেষ্ঠতাৰ ওপৰতো বিশ্বাস নকৰিছিল। তেওঁলোকৰ মতে, বিশেষকৈ যাজ্ঞবল্কৰ মতে, ব্ৰাহ্মণ সকলে নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে যাগ যজ্ঞৰ বিধান দিয়ে। যাগ যজ্ঞ তেওঁলোকৰ জীৱিকাৰ এটা পথ। এনেধৰণৰ বিৰোধী চিন্তাই ধৰ্ম বিপ্লৱৰ পথ সুচল কৰে। তদুপৰি উপনিষদৰ যুগত আত্মা আৰু পৰমাত্মাৰ চিন্তাৰ উদ্ভৱ হৈছিল। এই চিন্তা অনুসৰি আত্মা মৃত্যুৰ পিছত পৰমাত্মাত লীন হৈ যায়। জন্মৰ পৰা জন্মান্তৰলৈ মানুহে কৰ্ম ফল অনুযায়ী অহা যোৱা কৰে। যাগ যজ্ঞই এই জন্ম মৃত্যুৰ আৱৰ্তনৰ চকৰিৰ পৰা মানুহক ৰক্ষা কৰিব নোৱাৰে। কেৱল মাথোন সৎকৰ্ম, সৎআচৰণ, ধ্যান আৰু ভক্তিয়েহে মানুহক মুক্তি দিব পাৰে। উপনিষদ যুগৰ এই নতুন চিন্তা দেখ দেখকৈ বৈদিক যুগৰ ধৰ্ম মতৰ বিৰোধী আৰু এই নতুন চিন্তাই বৌদ্ধ ধৰ্মৰ ওপৰত প্ৰভাৱ পেলাইছিল। এই খিনিতে Oldenburg-য়ে কোৱা কথাষাৰ উল্লেখ কৰিব পাৰি- “For hundreads of years before buddha’s time, movements were in progress in Indian thought which prepared the way for Buddhism (বুদ্ধৰ আবিৰ্ভাৱৰ কেই শ মান বছৰৰ আগতেই ভাৰতীয় চিন্তা জগতত অগ্ৰগতি হৈছিল যাৰ ফলত বৌদ্ধ ধৰ্ম বিকাশৰ পথ প্ৰস্ত্তত হৈছিল)।
আৰ্য সমাজৰ অৰ্থনৈতিক পৰিৱৰ্তনো ধৰ্ম বিল্পৱৰ এটা কাৰণ বুলি ক’ব পাৰি। ধৰ্মীয়, দাৰ্শনিক কলা কৃষ্টিৰ চিন্তাৰ পৰিৱৰ্তনৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি বহুতে বিশ্বাস কৰে। আৰ্য সমাজৰ কৃষি ব্যৱস্থাত এটা আমূল পৰিৱৰ্তন আহে। সেইটো হ’ল আৰ্য সকলে লোহাৰ নাঙল ব্যৱহাৰ কৰিবলে ল’লে আৰু তাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পালে। তদুপৰি একেলগে বহুত মাটিত খেতি কৰিবলে লোৱাৰ ফলত উৎপাদিত শস্যৰ পৰিমাণো বৃদ্ধি পালে। আৰ্য সকলে দাস হিচাপে পৰিগণিত কৰা অনৰ্য বিলাকক কৃষিৰ কামত লগায়। এইদৰে লাহে লাহে অইনৰ শ্ৰমৰ ওপৰত লালিত পালিত হোৱা সাধাৰণ গৃহপতি শ্ৰেণী বা সাধাৰণ গৃহস্থ শ্ৰেণীটো চহকী শ্ৰেণীলৈ ৰুপান্তৰিত হয়। তদুপৰি ডাঙৰ ডাঙৰ নগৰ বোৰ স্থাপন হোৱাৰ ফলত বাট পথৰ উন্নতি হয় আৰু পৰিবহন ব্যৱস্থা উন্নত হয়। ইয়াৰ ফলত বাণিজ্যিক যোগাযোগ বৃদ্ধি পায় আৰু ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰন ঘটে। স্থল পথেদি আৰু গংগা যমুনাৰ জল পথেদি আভ্যন্তৰীণ বাণিজ্যৰ সম্প্ৰসাৰণ ঘটাৰ উপৰিও সমুদ্ৰ পথেদি পশ্চিম এচিয়াৰ সৈতে বৰ্হি বাণিজ্যও স্থাপন হৈছিল। এইদৰে ব্যৱসায় বাণিজ্য বৃদ্ধি পোৱাৰ কাৰণে শ্ৰেষ্ঠী নামেৰে এবিধ ধনবান শ্ৰেণীৰ উদ্ভৱ হয়। তদুপৰি উন্নত মানৰ কৃষি প্ৰণালীৰ দ্বাৰা আৰু ব্যৱসায় বাণিজ্যৰ দ্বাৰা সমাজৰ প্ৰায় সকলো শ্ৰেণীয়েই সাগতকৈ সম্পদশালী হয়। কিন্ত্ত উৎপাদন বৃদ্ধি পালেও ধন জমা হৈছিল এটা বিশেষ শ্ৰেণীৰ হাতত। সাধাৰণ প্ৰজাৰ অৱস্থা সেই আগৰ দৰেই আছিল। কাৰণ তেতিয়া জাতীয় আয় বণ্টন কৰাৰ কোনো ব্যৱস্থা নাছিল। ইয়াৰ উপৰিও সমাজত কিছুমান নতুন নতুন শ্ৰেণীৰ যেনে- কৰ্মকাৰ, চৰ্মকাৰ, কুম্ভকাৰ, কাঠমিস্ত্ৰি আদিৰ উদ্ভৱ হৈছিল। লোহাৰ ব্যৱহাৰ হোৱাৰ ফলত উৎপাদন প্ৰণালীৰ যি পৰিৱৰ্তন হৈছিল সেই পৰিৱৰ্তনৰ ফলতেই এই নতুন শ্ৰেণীৰ উদ্ভৱ হৈছিল। তেওঁলোক গীল্ড স্থাপন কৰি তৈয়াৰী সামগ্ৰী বোৰ সঠিক দামত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল। এনে ধৰণৰ আৰ্থ সামাজিক পৰিৱৰ্তনে ধৰ্ম বিল্পৱৰ পথ ৰচনা কৰে। কাৰণ নতুনকে উদ্ভৱ হোৱা চহকী গৃহপতি বা শ্ৰেষ্ঠী সকলে ব্ৰাহ্মণৰ আধিপত্য মানি চলিবলৈ অস্বীকাৰ কৰিলে কাৰণ নীচ জাতৰ বুলি পৰিগনিত হোৱাৰ পৰিৱৰ্তে তেওঁলোকে সমাজত সন্মান জনক স্থান দাবী কৰিলে। কিন্ত ব্ৰাহ্মণ শাসিত জাতিভেদ প্ৰথাৰ প্ৰচলন থকা সমাজ খনত তেওঁলোকে সন্মান জনক স্থান পোৱা নাছিল আৰু সেই কাৰণে তেওঁলোকে ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল। সেই সময়তে বৌদ্ধ ধৰ্মই জাতি ভেদ হীন সমাজৰ কথা প্ৰচাৰ কৰিলত এই ধনীক শ্ৰেণী কেইটা বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট হ’ল। ইয়াৰ উপৰিও বৈদিক যুগৰ সমাজ খনত সমুদ্ৰ যাত্ৰা বা বিদেশ যাত্ৰা পাপ বুলি বিবেচনা কৰা হৈছিল আৰু সুত লোৱাটোও পাপ বুলি বিবেচিত হৈছিল। কিন্ত এই দুয়োটা কথাই ধনিক শ্ৰেণীটোৰ অৰ্থনৈতিক উন্নতিৰ পথত অন্তৰাই হিচাপে থিয় দিয়াৰ কাৰণে এই শ্ৰেণী কেইটা ব্ৰাহ্মণ্য ধৰ্ম বিৰোধী হৈ পৰিছিল। এই নতুনকৈ উদ্ভৱ হোৱা ধনিক কৃষক শ্ৰেণীটো আৰু লগতে সাধাৰণ কৃষক বিলাকো আৰু এটা কথাত বিক্ষুদ্ধ হৈছিল। সেইটো হৈছে একো একোটা বৈদিক যজ্ঞত পাচঁশ ছশ ষাড় গৰু বলি দিয়া হৈছিল আৰু ইয়াৰ দ্বাৰা কৃষি ক্ষতিগ্ৰস্থ হৈছিল। বৈদিক যুগৰ সমাজ খনৰ দৰিদ্ৰ শ্ৰেণীক অৰ্থনৈতিক আৰু সামাজিক হিচাপে অৱহেলা কৰা হৈছিল। কিন্ত নতুনকৈ প্ৰচাৰ হোৱা ধৰ্মত দৰিদ্ৰ সকলকো পৰমাত্মাৰ ।