আৰ্হি প্রশ্নাবলী ঃ
১। অতি চমু উত্তৰ দিয়া ।
(ক) আমেৰিকা কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
(খ) ভার্জিনিয়া উপনিৱেশৰ প্রতিষ্ঠাতা কোন?
(গ) আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা কোন আছিল?
ঙ্গে আমেৰিকাত মুঠতে কেইখন ইংৰাজ উপনিৱেশ আছিল? 13
(ঙ) আমেৰিকা স্বাধীনতা ঘােষণাপত্ৰৰ ৰচক কোন ?
(চ) কোনখন যুদ্ধত আমেৰিকা আৰু ফৰাছী বাহিনীৰ যুটীয়া
আক্ৰমণত ইংৰাজ সেনাপতি কর্ণৱালিচে পৰাজয়বৰণ কৰিছিল ?
Answers
(ক) আমেৰিকা কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ?
উত্তৰ :- খ্ৰীষ্টফাৰ কলম্বাছ নামৰ জেনোৱাৰ (ইটালী) এজন নাৱিকে ১৪৯২ খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কাৰ কৰিছিল।
(খ) ভার্জিনিয়া উপনিৱেশৰ প্রতিষ্ঠাতা কোন ?
উত্তৰ :- ভার্জিনিয়া উপনিৱেশৰ প্রতিষ্ঠাতা ছাৰ ৱাণ্টাৰ ৰেলেই (Sir Walter Raleigh)। তেওঁ ১৫৮৫ খ্ৰীষ্টাব্দত উত্তৰ আমেৰিকাত এই উপনিৱেশ প্রতিষ্ঠা কৰে।
(গ) আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা কোন আছিল ?
উত্তৰ :- আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা আছিল তৃতীয় জর্জ (১৭৬০ – ১৮২০)।
(ঘ) আমেৰিকাত মুঠতে কেইখন ইংৰাজ উপনিৱেশ আছিল ?
উত্তৰ:- আমেৰিকাত মুঠতে ১৩ খন ইংৰাজ উপনিৱেশ আছিল।
(ঙ) আমেৰিকা ঘোষণাপত্ৰৰ ৰচক কোন ?
উত্তৰ :- আমেৰিকা ঘোষণাপত্ৰৰ ৰচক হ’ল আমেৰিকাৰ এজন বিখ্যাত চিন্তাবিদ আৰু গণতন্ত্ৰৰ প্ৰবক্তা থমাছ জেফাৰছন (Thomas Jefferson)।
(চ) কোনখন যুদ্ধত আমেৰিকা আৰু ফৰাচী বাহিনীৰ যুটীয়া আক্ৰমণত ইংৰাজ সেনাপতি কৰ্ণৱালিছে পৰাজয় বৰণ কৰিছিল ?
উত্তৰ :- ১৭৮৯ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত আমেৰিকা আৰু ফৰাচী বাহিনীৰ যুটীয়া আক্ৰমণত ইয়র্কটাউনৰ যুদ্ধত ইংৰাজ সেনাপতি কৰ্ণৱালিছে পৰাজয় বৰণ কৰিছিল ৷
More question Answer go to Dev Library