India Languages, asked by rajesh785630, 3 months ago

'ধনবৰ আৰু ৰতনী' কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ।​

Answers

Answered by XxCharmingGuyxX
2

প্ৰশ্ন :-'ধনবৰ আৰু ৰতনী' কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ।

উত্তৰ :-

ধনবৰ আৰু ৰতনী মালিতাৰ কাহিনীভাগ :-

  • ‘ধনবৰ আৰু ৰতনী' কবিতাটোৰ মাজেৰে অবিচল প্রেম কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে। ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্রেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ধনশিৰি মুখত। মাক বাপেকৰে সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে। ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজিকৈ ঠাই দিলে। এদিন মাক-বাপেকৰে সৈতে ৰতনী ঘৰলৈ উভতি গ'ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। ৰতনী যোৱাৰ পাছত ধনবৰৰ বুকু উদং হৈ পৰিল। ৰতনী অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ'ল। সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ'ল। ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ'ল।

আশা ৰাখিছো বন্ধুসকল উত্তৰটো সহায়ক হব। - প্ৰাঞ্জল কৃষ্ণ

Similar questions