সলসলীয়া শব্দৰ বাক্য বনোৱা
Answers
Answer:
Skip to main content
HomeToggle navigation
Search form
Search
বিবিধ অসমীয়া বাক্য ৰচনা
অসমীয়া বাক্য ৰচনা
অসমীয়া বাক্য ৰচনা -
১. অথাই সাগৰ – (অৰ্থ : ডাঙৰ বিপদ) – দেউতাকৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল ৷
২. অপাৰ সমুদ্ৰ – (অৰ্থ : মহা বিপদ) – ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে ৷
৩. আথে-বেথে – (অৰ্থ : অতি আদৰ কৰি) – তেওঁ ল’ৰাটোক আথে-বেথে তুলি লৈছিল ৷
৪. আকাশত চাং পতা – (অৰ্থ : অস্বাভাৱিক কল্পনা কৰা) – কমল আকাশত চাং পতা মানুহ ৷
৫. আকালৰ ভাত – (অৰ্থ : মহা বিপদৰ সহায়) - আকালৰ ভাত বিপদৰ মাত কোনোৱে পাহৰিব নোৱাৰে ৷
৬. আলসৰ লাড়ু – (অৰ্থ : অতি মৰমৰ) - ছোৱালীজনী মাক-বাপেকৰ আলসৰ লাড়ু ৷
৭. আগৰণুৱা – (অৰ্থ : সকলো কামতে আগবঢ়া) – ৰতন সকলো কামতে আগৰণুৱা ল’ৰা ৷
৮. উবুৰি খাই ধৰা – (অৰ্থ : অতি যত্নেৰে সহায় কৰা) – শিক্ষকজনৰ বিপদৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে উবুৰি খাই ধৰিলে ৷
৯. উভতি নচা (অতপালি কৰা) – নয়ন হ’লে উভতি নচা বিধৰ ল’ৰা নহয় দেই ৷
১০. কাণত পৰা - (অনিচ্ছাতে শুনা) – মই বাটেৰে গৈ থাকোঁতে কথাটো কাণত পৰিল ৷
১১. কাণত পেলা (ছল কৰি শুনা) – তেওঁ কথাটো দেউতাকৰ কাণত পেলাইছিল ৷
১২. কাণে কাণে ক (ফুচফুচাই কোৱা) – সেই গোপন কথাটো মই কাণে কাণে কৈছিলোঁ ৷
১৩. কান সমনীয়া (সমান ওখ) – ৰাম বিমলৰ কান সমনীয়া পুতেক ৷
১৪. কাণ বগৰা (লোকৰ মুখত শুনা) – কাণ বগৰা কথাত বিশ্বাস নাকৰিবা ৷
১৫. কঁকাল ভগা (দুৰ্বল হোৱা) – নগেনৰ এইবাৰ কঁকাল ভাগিল ৷
১৬. কঁকাল বান্ধ (যুঁজৰ বাবে সাজু হোৱা) – ভাৰতীয় সেনাই পাকিস্থানৰ আক্ৰমণত কঁকাল বান্ধিছিল ৷
১৭. কপাল ধো (আশা এৰা) – কামটো যে হ’ব তই কপাল ধো ৷
১৮. কপাল ফুটা (দুৰ্ভাগ্য উপস্থিত হোৱা) – ৰামমোহনৰ আকৌ কপাল ফুটিল ৷
১৯. কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা) – বিয়াৰ পিছত তাৰ কপাল ফুলিল ৷
২০. খাই পাত ফলা (অশলাগী মানুহ) – ৰাতুল খাই পাত ফলা বিধৰ মানুহ ৷
২১. গা কৰা (উন্নতি কৰা,উদ্গতি কৰা) – ৰামে কোনোমতে গা কৰি উঠিছে ৷
২২.গা গধুৰ (এলেহুৱা) – গা গধুৰ লোকৰ কেতিয়াও উন্নতি নাই ৷
২৩. গা এৰা দিয়া (মূৰ পোলোকা মৰা) – সকলো কথাতে গা এৰা দিয়া উচিত নহয় ৷
২৪. গা জুৰা (সন্তোষ পোৱা) – তেওঁৰ কথাত গা জুৰায় ৷
২৫. গা লগাই কৰা (মন দি কৰা) - যি কামকে নকৰা কিয় সদায় গা লগাই কৰিবা ৷
২৬. ঘৰ পতা (বিয়া কৰা) – হেমাই যোৱা মাহতে ঘৰখন পাতিছে ৷
২৭. ঘৰ ভঙা (ঘৰ নষ্ট কৰা) – ঘৰ ভঙা মানুহ আমাৰ সমাজত বহুতো আছে ৷
২৮. চকু গজা (বুজন হোৱা) – সৰ্বানন্দৰ চকু গজিছে; সি কিয় ঘৰখন চলাব নোৱাৰিব ?
২৯. চকুত লগা (ধুনীয়া হোৱা) – বাগিচাখন বেচ চকুত লগা হৈছে ৷
৩০. চকু দিয়া (নজৰ ৰখা) – ল’ৰা-ছোৱালীৰ ওপৰত মাক-বাপেকে সদায় চকু দিব লাগে ৷
৩১. চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা) – মাধৱ এজন চকু চৰহা লোক ৷
৩২. চকু মুদা (মৃত্যু হোৱা) – বাপেকে চকু মুদাৰ লগে লগে ঘৰখনৰ আৰ্থিক অৱস্থা বেয়া হৈ আহিল ৷
৩৩. চকু পকোৱা (খং কৰা) – এতিয়া চকু পকালে একো লাভ নহয় ৷
৩৪. চকুৰ পচাৰতে – (তৎক্ষণাৎ) – চকুৰ পচাৰতে ঘটনাটি ঘটি গ’ল ৷
৩৫. চকুৰ কুটা (শত্ৰু) – ৰাকেশ মামাকৰ চকুৰ কুটা হৈ পৰিছে ৷
৩৬. চকুৰ কুটা দাঁতৰ শাল (পৰম শত্ৰু) – খগেন আৰু বিমলৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে ৷
৩৭. চকুত ধূলি দিয়া (ফাঁকি দিয়া) – মাক-দেউতাকৰ চকুত ধূলি দিয়া সহজ নহয় ৷
৩৮. চকুত পৰা (দৃষ্টিগোচৰ হোৱা) – চুৰিৰ ঘটনাটো ৰাইজৰ চকুত পৰিছে ৷
৩৯. চকু মেলি চোৱা (অনুগ্ৰহ কৰা) - আপোনি এইবাৰ মোক অলপ চকু মেলি চাব ৷
৪০. চিলিম ছিগা (আশা নোহোৱা) – ৰমেনৰ ব্যৱসায়ৰ চিলিম ছিগিছে ৷
৪১. জধামূৰ্খ (মহামূৰ্খ) – অজয় এজন জধামূৰ্খ ল’ৰা ৷
৪২. জয়দেৱ কাকুতি (অতি মিনতি) – ল’ৰাটোৱে জয়দেৱ কাকুতি কৰিও দেউতাকক সন্মত কৰাব নোৱাৰিলে ৷
৪৩. জলজল – পটপট (স্পষ্ট) – চুৰিকাণ্ডটোৰ সকলো কথাই এতিয়া জলজল – পটপট হৈ পৰিছে ৷
৪৪. টুপাই বুৰ মৰা (একেবাৰে মিছা কোৱা) – সাক্ষী কওঁতে ৰাতুলে টুপাই বুৰ মাৰিলে ৷
৪৫. ডলাৰ বগৰী (ঘনাই ঠাই সলোৱা মানুহ) – জীৱনত ডলাৰ বগৰী হৈ ফুৰিলে কেতিয়াও উন্নতি কৰাব নোৱাৰিবা ৷
৪৬. ডিঙিৰ হাড়মাল (এৰিব নোৱাৰা) – সৰু ল’ৰাটো দেউতাকৰ ডিঙিৰ হাড়মাল হৈছে ৷
৪৭. ঢৌতে খৰ মৰা (বেমেজালেৰ মাজেৰে কাম কৰা) – বিকাশে ঢৌতে খৰ মাৰি সিদিনা যোৰহাটৰ পৰা আহিলগৈ ৷
৪৮. তৰা-নৰা ছিঙা (ভয়তে তত নোপোৱা) – বাঘটো দেখি বিপুলে তৰা-নৰা ছিঙি দৌৰিছিল ৷
৪৯. দোপতদোপে (ক্ৰমে ক্ৰমে) – ব্যৱসায়ত বিষ্ণুয়ে দোপতদোপে উন্নতি কৰিছে ৷
৫০. দলনিত পোনা মেলা (বিপদত পেলোৱা) – মোমায়েকে ল’ৰা-ছোৱালীহালক দলনিত পোনা মালি গুছি গ’ল ৷
আগলৈ ...
» অসমীয়া বাক্য ৰচনা – দ্বিতীয় খণ্ড
» বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ
» এটা শব্দত প্ৰকাশ কৰা - ১ম খণ্ড
» এটা শব্দত প্ৰকাশ কৰা - ২য় খণ্ড
» অসমীয়া জতুৱা ঠাঁচ
» অসমীয়া বাক্য ৰচনা
» অসমীয়া ফকৰা-যোজনা
» অসমীয়া শব্দৰ লিংগ পৰিৱৰ্তন
» অসমীয়া সাঁথৰ
95057 reads
বৰ্তমান জনপ্ৰিয় লিখনি
শিতান: কবিতা
চকুপানী --- বিকাশ কলিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,732
শিতান: কবিতা
ডাইৰী --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই
মুঠ পঢ়ুৱৈ সংখ্যা:3,380
শিতান: কবিতা
এখন বৰভোজ --- ধনঞ্জয় কুৰ্মী
মুঠ পঢ়ুৱৈ সংখ্যা:2,592
শিতান: কবিতা
অসহ্য (কথা কবিতা) -- পল্লৱ কুমাৰ নাথ
মুঠ পঢ়ুৱৈ সংখ্যা:3,635
শিতান: কবিতা
কবিতা :: জোনাকৰ সপোন --- সাগৰ সঞ্জীৱ
মুঠ পঢ়ুৱৈ সংখ্যা:4,116
শিতান: কবিতা
কবিতা :: উৰন্ত চুমা --- মেহেনাজ সৰকাৰ
মুঠ পঢ়ুৱৈ সংখ্যা:2,378
Contact | Privacy | Disclaimer | Sitemap | All Category
Copyright @ 2013 - 2019 Arambhani.com . All Right Reserved.
Back to top
Explanation:
please mark as brain list