Political Science, asked by abdulkadergmailcom, 2 months ago

“মােৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?
সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? বিখ্য
? কার বাবে ক’ব পৰা কলৈ যাত্ৰা কৰিছিল ?
০১২​

Answers

Answered by nithinbayya
2

Answer:

লেখক পৰিচয়ঃ

লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪ – ১৯৩৬) হৈছে বহুমূখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চশিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আ্লোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্রৱাহিত কৰে। “জোনাকী” ৰ পাততে তেওঁ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্রকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্রতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্রেণী বিভাজন কৰিব পাৰি-

ধেমেলীয়া নাটকঃ লিতিকাই, পাচনি, নোমল আৰু চিকৰপতি-নিকৰপতি।

উপন্যাসঃ পদুম কুঁৱৰী।

কবিতাঃ কদমকলি।

গল্পপুথিঃ জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি।

সাধুকথাঃ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা।

বুৰঞ্জীমূলক নাটকঃ জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।

হাস্য-ব্যংগ ৰচনাঃ কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভটনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।

জীৱনীঃ ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত্ৰ, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।

আত্মজীৱনীঃ  মোৰ জীৱন সোঁৱৰণ।

তত্বমূলক গ্রন্থঃ শ্ৰীকৃষ্ণৰ কথা আদি।

তেখেতে ‘বাহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। তেখেতে ১৯২৪ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল।  ১৯৩৮ চনত তেওঁৰ মৃত্যু হয়।

Similar questions