Accountancy, asked by boromaneswar278, 2 months ago

হিচাপকৰনৰ সংজ্ঞা দিয়া।

Answers

Answered by TRISHNADEVI
2

ANSWER :

 \\  \\

হিচাপৰক্ষণ :-

ব্যৱসায়ত ধন বা ধনৰ সমমূল্যৰ বিনিময়ত সংঘটিত হোৱা লেনদেনসমূহক বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে লিখি ৰখা কলাটোকে হিচাপৰক্ষণ বোলা হয়।

  • Chamber's Twentieth Dictionary ত হিচাপৰক্ষণৰ সংজ্ঞা এইদৰে দিছে : "নিয়মিতভাৱে আৰু প্ৰণালীবদ্ধভাৱে হিচাপ লিখি ৰখা কলাকেই হিচাপৰক্ষণ বোলা হয়।"

  • R. N. Carter -এ তেখেতৰ Advanced Accounts কিতাপখনত হিচাপৰক্ষণৰ সংজ্ঞা এনেদৰে দিছে : "মুদ্ৰা বা মুদ্ৰা মূল্যত লিখিব পৰা সকলোবোৰ সালসলনিৰ ফলস্বৰূপে উদ্ভৱ হোৱা ব্যৱসায়িক লেনদেনসমূহ হিচাপবহীত শুদ্ধকৈ লিখি ৰখা বিজ্ঞান তথা কলাকে হিচাপৰক্ষণ বোলা হয়।"

  • J. R. Batliboi -ৰ মতে : "ব্যৱসায়ৰ লেনদেনসমূহ হিচাপবহীত লিখি ৰখা কলাকেই হিচাপৰক্ষণ বোলা হয়।"

  • North Cott -ৰ মতে : "বাণিজ্যিক বা বিত্তীয় লেনদেনসমূহক মুদ্ৰা সম্বন্ধীয় দিশটো হিচাপবহীত লিপিবদ্ধ কৰা কলাকেই হিচাপৰক্ষণ বোলা হয়।"

 \\

হিচাপবিদ্যা :-

যি বিজ্ঞান বা কলাৰ দ্বাৰা পৰিচালনা আৰু বহিঃ প্ৰতিনিধিসকলৰ সুবিধাৰ্থে উপযুক্ত শিৰোনামাত বিত্তীয় লেনদেনসমূহৰ উপস্থাপন কৰা হয় তাকেই হিচাপবিদ্যা বোলা হয়।

  • হিচাপবিদ্যাক বিজ্ঞান আৰু কলা দুয়োটাই আখ্যা দিব পাৰি।

  • হিচাপবিদ্যাক প্ৰায়ে ব্যৱসায়ৰ ভাষা হিচাপে আখ্যা দিয়া হয়।
Similar questions