Social Sciences, asked by dhonb66, 4 months ago

অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা

Answers

Answered by nayakdebi
4

Answer:

ক)অৰ্থনৈতিক বিকাশ:- অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱা।

খ) মানৱ উন্নয়ন:- যি উন্নয়ণে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটোকে মানৱ উন্নয়ন বোলে।

গ) গণতান্ত্ৰিক পৰিকল্পনা:- যি পৰিকল্পনাৰ যুগতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল গণতান্ত্ৰিক পৰিকল্পনা।

ঘ) ব্যক্তিগতকৰণ:- চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠান সমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়ে হ'ল ব্যক্তিগতকৰণ ।

ঙ) অৰ্থনৈতিক উন্নয়ন:- দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ মাধ্যমেৰে উৎপাদন ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন কৰি জীৱন ধাৰণৰ সাধাৰণ মানদণ্ড উন্নত কৰাকে অৰ্থনৈতিক উন্নয়ন বোলে।

চ) অৰ্থনৈতিক পৰিকল্পনা:- নিৰ্দ্ধাৰিত এছোৱা সময়ৰ ভিতৰত সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এখন কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদর্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা।

Answered by hemantabaruah23
7

উত্তৰ:- অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য হ'ল-

ক) অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, কিন্তু অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল।

খ) অৰ্থনৈতিক বিকাশৰ হ'লেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব।

mark this answer as Brainlist

Similar questions