ভাৰতৰ নির্বাচনী ব্যৱস্থাৰ চাৰিটা দুর্বলতা উল্লেখ কৰা।
Answers
নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায়ত ৩২৪ ৰ পৰা ৩২৯ লৈ- এই ছয়টা অনুচ্ছেদ অন্তৰ্ভক্ত কৰা আছে| এই অনুচ্ছেদ সমুহত ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে| ইয়াৰ উপৰিও ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনতো এই সম্পৰ্কত কিছুমান ব্যৱস্থা সন্নিবিষ্ট কৰা আছে| সেয়েহে সংবিধানৰ পঞ্চদশ অধ্যায় আৰু জনপ্ৰতিনিধিৰ আইনকে আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ ভেঁটি হিচাপে বিবেচনা কৰা হয়| নিৰ্বাচন ব্যৱস্থাই হৈছে সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ ভেঁটি| প্ৰাচীন কালত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল| সেই সময়ত দেশসমুহৰ আকাৰ আছিল সৰু আৰু জনসংখ্যাও আছিল কম| সেয়েহে জনসাধাৰণে কোনো নিৰ্দ্দিষ্ট ঠাইত সমবেত হৈ বিধি-বিধান ৰচনা কৰিব পাৰিছিল| কিন্তু সাম্প্ৰতিক কালৰ দেশসমুহ ডাঙৰ আৰু ইয়াৰ জনসংখ্যাও বহুত বেছি| সেয়েহে সাম্প্ৰতিক কালৰ দেশসমুহত পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিত্বমুলক গণতন্ত্ৰৰ প্ৰচলন কৰা হৈছে