Sociology, asked by IgQueen, 4 months ago

''একোগৰাকী ব্যক্তীয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। ''-কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।

PLEASE DON'T ANSWER IF YOU DON'T KNOW ​

Answers

Answered by sriteja2780
0

Explanation:

ক) অৰুণিমা সিনহাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

(খ) অৰুনিমা সিনহাৰ ঘৰ কত আছিল?

উত্তৰঃ অৰুনিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল।

(গ) হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰোপ লৈছিল?

উত্তৰঃ হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰোপ লৈছিল।

(ঘ) চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

উত্তৰঃ চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাত এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ ।তেওৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেঁওক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰাব।

(ঙ) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল?তেওঁ তাত কিমান সময় ধৰি আছিল?

উত্তৰঃ মাউণ্ট এভাৰেষ্টত অৰুণিমাই ২০১৩ চনৰ ২১মে তাৰিখে আৰোহণ কৰিছিল ।তেওঁ তাত ডেৰ ঘণ্টা সময় ধৰি আছিল।

২। অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া হৈছিল ?এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?

উত্তৰঃ অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰেলযাত্ৰীসকলৰ পৰা টকা-পইচাৰ লগতে হাতৰ, কাণৰ, ডিঙিৰ আটাইবোৰ আ-অলংকাৰ কাহি লৈ গৈছিল । আন আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইণডালবিছাৰিছিল । কিন্তো অৰুণিমাই চেইণডাল দিবৰ বাবে মান্তি হোৱা নাছিল । তেওঁ ডকাইতবোৰক কৈছিল যে সেইডাল এডাল চেইন নহয়, তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ । ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল। অৱশেষত অন্য়ায়ৰ ওচৰত সেও নমনা অৰুণিমাইক ডকাইতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাৰীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰৰে আন এখন ৰেল গাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেল গাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গল। অৰুণিমাই প্ৰাণে প্ৰণে চিয়ৰিলে কিন্তো ৰেলৰ ইন্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গল । অৰুণিমা প্ৰায় ৭ঘন্টা সময় ৰেল আলিৰ কাষত পৰি থকিল আৰু সেই সময়ত কাষেদি

ঊনচল্লিছখন ৰেল পাৰ হৈ গল।

এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হল আৰু আন খন ভৰিত লোৰ ৰদ সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হল। হেৰুৱা ভৰিখনৰ ঠাইত কৃটিম ভৰি সংযোজন কৰা হল।

Answered by pooja14365
10

একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে । তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায় । তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা।

জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা । প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ চাব্বিছ বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহা লক্ষ্নৌৰ পৰা দিল্লীৰ অভীমুখে ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাব লগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰি পালৰ পৰামৰ্শ , সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল।

যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতা সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰুপে জ্ঞান কৰি আহিছে , তেনে সময়ত নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰুপান্তৰিত কৰি জগতলৈ চানেকি দেখুওৱাইছে অৰুণিমা সিনহই।

Similar questions