Science, asked by XxCharmingGuyxX, 4 months ago

মানব শিশুৰ লিংগ কিদৰে নির্ধাৰণ কৰা হয়। চিত্রসহ লিখা​

Answers

Answered by TRISHNADEVI
8

ANSWER :

 \\  \\

পিতৃ-মাতৃৰ দেহৰ লিংগ ক্ৰম'জ'মে শিশুৰ লিংগ নিৰ্ণয় কৰে।মানৱ শিশুৰ ক্ষেত্ৰত কোন প্ৰকাৰৰ পুংজনন কোষ (শুক্ৰাণু)-এ স্ত্ৰীজনন কোষ (ডিম্বাণু)-ৰ সৈতে নিষেচন ঘটে, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ কৰিব পৰা যায়।

মানুহৰ শৰীৰৰ কোষত 46 ডাল ক্ৰম'জ'ম থাকে।তাৰ ভিতৰত 22 যোৰ দৈহিক ক্ৰম'জ'ম আৰু এযোৰ লিংগ ক্ৰম'জ'ম । পিতৃ-মাতৃৰ দেহৰ এই লিংগ ক্ৰম'জ'মে মানৱ শিশুৰ লিংগ নিৰ্ণয় কৰাত সহায় কৰে। মহিলাৰ শৰীৰৰ কোষত থকা লিংগ ক্ৰম'জ'ম হ'ল XX ক্ৰম'জ'ম আৰু পুৰুষৰ শৰীৰৰ কোষত থকা লিংগ ক্ৰম'জ'ম হ'ল XY ক্ৰম'জ'ম । গতিকে, যদি পিতৃ দেহৰ X ক্ৰম'জ'ম বহনকাৰী পুংজনন কোষ (শুক্ৰাণু)-এ মাতৃ দেহৰ স্ত্ৰীজনন কোষ (ডিম্বাণু)-ৰ (X ক্ৰম'জ'ম বহনকাৰী) সৈতে নিষেচন ঘটে, তেনেহ'লে শিশুটি ছোৱালী হয়। আকৌ, যদি পিতৃ দেহৰ Y ক্ৰম'জ'ম বহনকাৰী পুংজনন কোষ (শুক্ৰাণু)-এ মাতৃ দেহৰ স্ত্ৰীজনন কোষ (ডিম্বাণু)-ৰ (X ক্ৰম'জ'ম বহনকাৰী) সৈতে নিষেচন ঘটে, তেনেহ'লে শিশুটি ল'ৰা হয়।

এইদৰে পিতৃ-মাতৃৰ দেহৰ লিংগ ক্ৰম'জ'মৰ নিষেচনৰ ওপৰত ভিত্তি কৰি মানৱ শিশুৰ লিংগ নিৰ্ণয় কৰা হয়।

Attachments:
Similar questions