World Languages, asked by aswinidas09876, 3 months ago

খ) পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে আমাৰ কি কি লাভ হয়
?​

Answers

Answered by dasnikishmita837
2

Answer:

খাবলৈ লোৱাৰ আগতেও হাত পৰিষ্কাৰ কৰি ধুই লব লাগে৷ কিন্তু প্ৰায় বিলাক লোকেই আমি লক্ষ্মী জ্ঞান কৰা মুদ্ৰা বা কাগজৰ টকা চোৱাৰ পাচত হাত নুধুওঁ৷ সেই মুদ্ৰা আৰু নোটত ইতিমধ্যে বহুজনৰ স্পৰ্শ পৰিছে − গতিকে তাত বীজাণু লাগি থকাৰ পূ্ৰ্ণ সম্ভাৱনা থাকে৷ কাৰোবাৰ সৈতে কৰমৰ্দন কৰাৰ পিছতো হাত ধুব লাগে − কাৰণ আপুনি নাজানে আপোনাৰ সৈতে হাত মিলোৱা লোকজনৰ হাতখন কিমান পৰিষ্কাৰ৷ বাচত, ৰিক্সাত, ৰেলত ভ্ৰমণ কৰাৰ পিছত, চিনেমা বা থিয়েটাৰ হলৰ পৰা ওলোৱাৰ পিছত হাত ধুৱাটো অত্যন্ত আৱশ্যক৷ কিয়নো আমি নজনা−নেদেখাকৈ অনেক বীজাণুৰ মাজত পৰিভ্ৰমণ কৰি আহিলোঁ৷ আমাৰ হাতখনে আমাৰ অজানিতে চকু−মুখ স্পৰ্শ কৰি ৰোগৰ বীজাণুক আমাৰ শৰীৰত সুমুৱাই দিব পাৰে৷ বিশেষকৈ চকুৰ অসুখ কনজাংকটিভাইটিচ এইদৰেই সোঁচৰে৷ ৰন্ধন শালত যি কোনো কাম আৰম্ভ কৰাৰ আগত হাত দুখন পৰিষ্কাৰ কৰি লোৱাটো গোটেই পৰিয়ালৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অতি আৱশ্যক৷ ঘৰৰ পোহনীয়া জীৱ−জন্তুক আদৰ বা স্পৰ্শ কৰাৰ পিছত, বাৰীৰ কাম কৰি অহাৰ পিছত, কেচুৱাৰ পানী−কাপোৰ বা ডাইপাৰ সলনি কৰাৰ পিছত, আনকি লাইটৰ চুইচ স্পৰ্শ কৰিলেও হাত দুখন সুৰক্ষাৰ খাতিৰত ধুব লাগে৷ ৰ’দ−বতাহ সোমাব নোৱাৰা ঘৰৰ বন্ধ কোঠাত বা যি কোনো প্ৰেক্ষাগৃহৰ বায়ুৰ কণিকাত বেক্টেৰিয়া আৰু ভাইৰাচ ভাঁহি থাকে৷ ৰোগাক্ৰান্ত ব্যক্তিয়ে হাঁহিলে, কাঁহিলে, হাঁচিয়ালে, জোৰেৰে কথা কলে, থুই −খেকাৰ পেলালে নানান ৰোগৰ কীটাণু কোঠালিৰ বায়ুত সিঁচৰিত হৈ যায়৷ এনেদৰে ৰোগ বিয়পাৰ পদ্ধতিক Droplet Infection বোলে৷ গতিকে তেনে সংক্ৰমণ কঢ়িয়াই আনিব পৰা ঠাইৰ পৰা আহিলে আমি গা ধুই পৰিষ্কাৰ হোৱাটো ভাল৷ এইবিলাক অতি সহজে মানিব পৰা স্বাস্থ্যৰ সুৰক্ষাৰ কিটিপ৷ গা ধুওঁতে আমি আমাৰ শৰীৰৰ ছালখন নাইলন কাপোৰৰ ব্ৰাছেৰে নাইবা ভোলৰ বাকলিৰে খচি খচি পৰিষ্কাৰ কৰি ধুব লাগে৷ ভৰিৰ গোৰোহা, কিলাকুটি আদি ঠাইৰ ডাঠ ছাল মিহি শিলেৰে চাফা কৰিব লাগে৷ এনে কৰিলে শৰীৰৰ ছালৰ ছিদ্ৰসমূহ মুক্ত হৈ থাকে৷ ইয়াৰ অন্যথাই ∀ফলিকুলাইটিছ∀ৰোগ উৎপন্ন হয়৷ নাপাহৰিব −দীঘল অপৰিষ্কাৰ নখেও বীজানুক আশ্ৰয় দি থাকে৷

আমি বাস কৰা জগতখনত বেক্টেৰিয়া, ভাইৰাচ আৰু পেৰাচাইত − এই তিনি বিধ শত্ৰুৱে আমাক অহৰ্নিশে ঘেৰি ৰাখিছে৷ এই শত্ৰুসেনাই অপেক্ষা কৰি থাকে এটি সুযোগৰ৷ অসাবধানতাবশত: আমি নিজৰ ভুলেৰে সেই তিনি বিধ শত্ৰুক আমাৰ দেহত প্ৰবেশ কৰাৰ সুবিধা কৰি দিওঁ৷

ডায়েৰিয়া, বমি −ওকালি, গেষ্ট্ৰএন্টাৰাইটিচ, ভাইৰেল জণ্ডিচ, টাইফয়েড, ফুড পয়জনিং, প্ৰসাবত হোৱা ই−কলাইৰ ইনফেকচন আদি ব্যাধিৰ সংক্ৰমনৰ এক গুৰুত্বপূৰ্ণ কাৰণ হ’ল অপৰিষ্কাৰ হাত৷ হাত আৰু দেহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱত উফি−ওকনি, ৰিংৱৰ্ম, স্কেবিজ, এলাৰ্জি, খৰ−খহু, নানা বিধ খজুৱতি, পেলু−কৃমিজনিত আৰু বিভিন্ন চৰ্মৰোগে শৰীৰত বাঁহ লয়৷

Similar questions