Science, asked by gopa6000765119, 3 months ago

গোলক উত্তাপ বৃদ্ধি ইয়াৰ ফলত সৃষ্টি হোৱা সমস্যা​

Answers

Answered by hemantabaruah23
0

Answer:

বিশেষকৈ মানুহৰ প্ৰকৃতি বিৰোধী কার্যাৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱা ঘটনাকে গোলকীয় উত্তাপ বৃদ্ধি (Global warming ) বুলি কোৱা হয়। সাধাৰণতে প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈ বায়ুৰ স্বাভাৱিক উষ্ণতা বৃদ্ধি হোৱা প্রক্রিয়াটোকে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। প্ৰাকৃতিক কাৰণ হ'ল আগ্নেয় উদগীৰণ আৰু বনজুই আৰু মানৱজনিত কাৰণ হ'ল বননি ধ্বংস, জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ আৰু অত্যাধিক পশুচাৰণ।

গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত পৃথিৱীৰ দুই মেৰু আৰু সুউচ্চ পৰ্বতৰ উচ্চাংশত থকা বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ বহুতো সমস্যাৰ সৃষ্টি হব পাৰে। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত পৃথিৱীৰ মৰুভূমি আৰু মৰুপ্রায় অঞ্চল সমূহত খৰাং বতৰ হৈ পানীৰ অভাৱত বহুতো জীৱৰ মৃত্যু হব পাৰে।

mark this answer as Brainlist

Similar questions