Social Sciences, asked by XxCharmingGuyxX, 1 month ago

চমু টোকা লিখা- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। ​

Answers

Answered by nilakshichetia7856
13

Answer:

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বাংলা সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে[1] নোবেল পুৰস্কাৰ লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বাংলা ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বাংলাভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ। তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সঙ্গীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সঙ্গীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সঙ্গীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বাংলা ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।

Answered by hemantabaruah23
10

Answer:

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বাংলা সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে নোবেল পুৰস্কাৰ লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বাংলা ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বাংলাভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ। তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সঙ্গীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সঙ্গীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সঙ্গীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বাংলা ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।

mark this answer as Brainlist

Similar questions