French, asked by DaddyKiPrincess, 4 months ago

ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশসেৱাত ব্ৰতী হবলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।​

Answers

Answered by pooja14365
5

ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হলে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হব লাগে। একাগ্ৰতা হৈছে ছাত্ৰ জীৱনৰ উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হব লাগে, বহুমুখী হলে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে। ছাত্ৰ হৈ থকা সময়ছোৱাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ললে, নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে। এনে কিছুমান কথা কাল আৰু পাত্ৰভেদে বিচাৰ কৰি চলিব লাগে।

ছাত্ৰসকলে ছাত্ৰ জীৱনত শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো বিধ শিক্ষাৰে অনুশীলন কৰিব লাগে। আমাৰ দেশত এই ধৰণৰ সকলো শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সাৰ্থক হব, সাংসাৰিক জীৱনত মানুহে কি কাম কৰিলে কৃতকাৰ্য হব পাৰিব এই সকলোবোৰ ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাটো গুৰুত্ব দিব লাগে।

ছাত্ৰসকল হল দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ হয় জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে। দেশত বিৰাজ কৰি থকা নিৰক্ষৰতা, অজ্ঞানতা, কু- সংস্কাৰ তথা অন্ধবিশ্বাসৰে কবলৰ পৰা দেশবাসীক মুক্ত কৰাৰ চেষ্টা কৰিব লাগে। সৎ উপদেশ আৰু উদাহৰণেৰে নিজৰ ঘৰ তথা গাওঁখনক আদৰ্শ ঘৰ বা গাঁও কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষাৰ্থীসকলে এই ধৰণৰ কাম বোৰত অংশগ্ৰহণ কৰিলেও শিক্ষা কালছোৱাত ছাত্ৰসকলে ছাত্ৰ জীৱনৰ সীমাত থাকিহে সমাজ তথা দেশৰ সেৱা কৰিব লাগিব।

Answered by 17jayprakash17
5

ছাত্ৰ জীৱনৰ প্ৰকৃত ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব কোনবোৰ পন্থা অৱলম্বন কৰিব উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব

Similar questions
Math, 4 months ago