Chinese, asked by MYourGf, 4 months ago

পঢ়াই, পঢ়ে, ৰোৱে পাণ।
এই তিনিয়ে নিচিন্তে আন ॥​

Answers

Answered by pooja14365
43

প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে কব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব।

বাখ্যা :- পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিলে কাম কেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি। ছাত্ৰ- ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক- শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ন নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হব নোৱাৰে। ছাত্ৰ- ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ- পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হলে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়।

Answered by TheMathLoverGirl
9

পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিলে কাম কেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি। ছাত্ৰ- ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক- শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ন নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হব নোৱাৰে।

ছাত্ৰ- ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ- পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হলে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয় |

Similar questions