Political Science, asked by azizulhoque25052, 2 months ago

ৰাছিয়াৰ প্রথম নির্বাচিত ৰাষ্ট্রপতি কোন আছিল ?​

Answers

Answered by vishakha0987
0

Explanation:

পাঠৰ মূলকথা

কিন্তু ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ লগে লগে বিশ্ব ৰাজনীতিত ইতিমধ্যে প্রচলিত দ্বি-মেৰু ব্যৱস্থাটোৰ (Bipolarity) অৱসান ঘটে। ১৯১৭ চনত ৰুছ বিপ্লৱৰ পিছত ছোভিয়েট ইউনিয়নৰ জন্ম হয়। সমাজবাদী আদৰ্শৰ ভিত্তিত নির্মিত ছোভিয়েট আর্থ-সামাজিক তথা ৰাজনৈতিক ব্যৱস্থা প্রথম বিশ্বতকৈ পৃথক আছিল। class12 political science notes

দ্বিতীয় মহাসমৰৰ পিছত ছোভিয়েট সেনাই পূব ইউৰোপৰ যিবোৰ দেশক ফেচিষ্ট শক্তিৰ কবলৰ পৰা মুক্ত কৰিছিল সেইবোৰ পিছলৈ ছোভিয়েটৰ অধীনলৈ আহিছিল। সেইবোৰ দেশৰ অথনৈতিক আৰু ৰাজনৈতিক ব্যবস্থা ছোভিয়েটৰ আৰ্হিত নির্মিত হৈছিল। ছোভিয়েট নেতৃত্বাধীন সেই ৰাষ্ট্র গোষ্ঠীক লৈয়ে দ্বিতীয় বিশ্ব বা সমাজবাদী গোষ্ঠীটো (Socialist bloc) গঠিত হৈছিল। ১৯১৭ চনত জন্ম হোৱা ছোভিয়েট ইউনিয়নৰ প্ৰশাসনীয় আৰু অর্থনৈতিক দিশত স্থবিৰতা আহিছিল৷ এনে পৰিস্থিতিত মিখাইল গর্বাচেভে সংস্কাৰমূলক আঁচনি গ্ৰহণ কৰিছিল। অৱশ্যে গর্বাচেভৰ প্রচেষ্টাই ছোভিয়েট ইউনিয়নলৈ ভাঙোনহে কঢ়িয়াই আনিছিল।

ছোভিয়েট ইউনিয়নৰ ভাঙোনে বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। শীতল যুদ্ধৰ অৱসান, নতুন ৰাষ্ট্ৰৰ আবিৰ্ভাৱ, ক্ষমতাৰ ভাৰসাম্যত পৰিৱৰ্তন এই ক্ষেত্ৰত উল্লেখযোগ্য আছিল। দ্বিতীয় বিশ্বৰ পতনৰ পিছত পূর্বৰ সাম্যবাদী ৰাষ্ট্ৰবোৰক পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি প্ৰচেষ্টা IMF আৰু World Bank, shock Therapyৰ উদ্যোগত আৰম্ভ হৈছিল তাকে shock Therapy বুলি কোৱা হয়। কিন্তু Shock Therapyয়ে আশা কৰা মতে সফলতা লাভ কৰি নোৱাৰিলে। বৰং অর্থনৈতিক দিশত নেতিবাচক প্রভাৱহে পেলাইছিল। শীতল যুদ্ধৰ অৱসানৰ পিছত ৰাছিয়াৰ লগত ভাৰতৰ সম্পর্ক উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

Similar questions