১৯। প্রাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ
বিষয়ে এটি টোকা যুগুত কৰা।
Answers
Answer:
C. Think and answer
1 Discuss the main character the sniper. You may describe him as a victim of circumstances talk about his changed perspective and the harsh reality he faces at the end of the story
2. Identity and use one example from the story for each of the following kinds
of conflict
a human vs human
b. human vs himself/herself
c. human vs circumstances
please help me I will list you as brain list
Answer:
ভাৰতবৰ্ষলৈ মুছলমানসকল বা ইছলামসকলৰ আগমনৰ পূর্বৰ সময়ছোৱাক প্রাক্ মুছলিম যুগ বুলি কোৱা হয় । ভাৰতৰ দক্ষিণ ভাৰপ্তপ্র অঞ্চলসমূহত ব্যাপকভাৱে প্রাক্ মুছলিম যুগৰ ভাস্কর্য্য আরু শিল্পকলাৰ নিদর্শন হিচাপে অজন্তাৰ শিল্প কলাক দেখুৱাব পাৰি । অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা জীৱিত হৈ আছে । ইয়াৰ জৰিয়তে ভালেমান গতি-প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে । অজন্তাৰ ছবিবোৰত দুই ধৰণৰ ভাব-বস্তুৰ প্রকাশ ফুটি উঠা দেখা যায় । এটা হৈছে-সন্যাস জীৱন আরু আনতো হৈছে- সমূহীয়া জীৱন । দুয়োবিধ ছবি একত্রিতভাৱে অংকন কৰা হৈছে । কিন্তু এই জগত দুখন পৃথকভাৱে অংকন কৰা হোৱা নাই । এই ছবিবোৰত জীৱনৰ অসামঞ্জস্যতাক একেলগে গ্রহণ কৰিব পৰা শক্তিৰ সম্ভেদ পোৱা যায় । অজন্তাৰ চিত্রসমূহত প্রাক্-মুছলিম যুগৰ জীৱনৰ প্রাচুৰ্য্যতাৰ কথাও উল্লেখ আছে । পুরুষ, মহিলা, শিশুসকলক বিভিন্ন ভংগিমাত একে ঠাইতে অংকিত কৰা হৈছে । জীৱনৰ প্রাচুৰ্য্যই যেন শিল্পীক মতলীয়া কৰিছে, এনে ভাব চিত্রসমূহৰ পৰা প্রকাশ হৈছে । ছবিবোৰৰ ভাৱ-ভংগিৰ অসামঞ্জস্যতাৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা যেন কোনো ক্ষেত্রতে ম্লান হোৱা নাই । অজন্তাৰ এনে চিত্র শিল্পকলাৰ জৰিয়তে শিল্পজগত আরু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা সম্ভৱ হৈছে । গঠনৰ সৰলতা আরু সুৰক্ষা হৈছে ইছলামীয় ভাস্কর্য্যৰ মূল সম্পদ । ৰেখাৰ লগত ৰেখাৰ সমন্বয় সাধন সেই ভাস্কর্য্যৰ মুখ্য বৈশিষ্ট্য আছিল । জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল । দৰাচলতে, উত্তৰ ভাৰতৰ ভাস্কর্য্য এক সমন্বয়ৰ বস্তু । হিন্দু ভাস্কর্য্যই ইছলামীয় পদ্ধতিৰ জইলতাৰ হ্রাস কৰিছে আকৌ ইছলামীয় ভাস্কর্য্যই হিন্দু ভাস্কর্য্যক আরু কাৰ্য্য প্রদান কৰিছে । এইদৰেই, এক নতুন ঠাৰাৰ উৎপত্তি হৈছে । এই সমন্বয়ৰ আদর্শ য’তেই সফল হৈছে, তাতেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ ।
মোগল সম্রাট বাবৰৰ ৰাজত্বকালত চিত্রশিল্পৰ নতুন্ত ধাৰা পোন প্রথমে ভাৰতত প্রৱেশ কৰে । এনে ধৰণৰ শিল্প কলাৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ আরু ইয়াত জন জীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল । এই চিত্র শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন ইয়াত ভাব প্রকাশ প্রৱণতাৰ কোনো স্থান নাই, আছে মাথো বিপুল উৎসাহ-উদ্দীপনা আরু প্রেৰণা । উদাহৰণস্বরূপে- উৰ্দুৰ ৰোমান্টিক কাব্য – সাহিত্যৰ কথা ক’ব পারোঁ ।
দক্ষিণাত্যৰ ভাস্কর্য্যসমূহৰ ওপৰত উত্তৰ ভাৰতৰ দৰে বহিৰাগতৰ প্রভাৱ পোনপটীয়াকৈ পৰা নাছিল । গতিকে, দাক্ষিণাত্যৰ ভাস্কর্য্যই শিল্পকলাৰ এক ৰঙীন ছবি দাঙি ধৰে । ই ভাৰতীয় সংস্কৃতিক বৈচিত্র্যময় কৰি তুলিছে । দাক্ষিণাত্যৰ ভাস্কর্য্যত কোণ আরু সৰল ৰেখাৰ প্রভাৱ অধিক । গঠনৰ বিশালতা ইয়াৰ আন এক বৈশিষ্ট্য । ইয়াৰ প্রতিটো ভাব-ভংগীৰ এক সুকীয়া রূপ আছে । ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তি নহয় । উদাহৰণস্বরূপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি । এই মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে । ইয়াৰ এটাও স্তম্ভ আনটোৰ লগত নিমিলে । এইবোৰৰ সাজ-সজ্জাৰ জাক-জমকতাই আরু প্রতিকৃতিৰ বিশালতাই অন্তৰ অভিভূত কৰে ।