দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি ?
Answers
Answer:
স্নায়ু (ইংৰাজী: Nerve) হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে। ই হৈছে স্নায়ু তন্ত্ৰৰ এক আবদ্ধ প্ৰণালী। স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতিৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত। মগজু আৰু স্নায়ু ৰজ্জু লগলাগি কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ গঠিত হয়। প্ৰান্তীয় স্নায়ু তন্ত্ৰ প্ৰধানকৈ স্নায়ুৰ দ্বাৰা গঠিত। এডাল স্নায়ুৰ ভিতৰেদি শৰীৰৰ কোনো এটা অংগৰ পৰা এক্সনৰ যোগেদি বিদ্যুৎৰাসায়নিক স্পন্দন কেন্দ্ৰীয় স্নায়ু তন্ত্ৰলৈ পৰিবাহিত হয়। ইন্দ্ৰিয়ৰ ক্ষেত্ৰত এই স্পন্দন বিপৰীত দিশেও পৰিবাহিত হয়। স্নায়ুত থকা প্ৰত্যেকডাল এক্সন নিউৰণ নামৰ স্নায়ুকোষেৰে গঠিত, ইয়াৰ ওপৰত স্কোৱান কোষে (Schwann cell) মায়েলিনৰ প্ৰলেপেৰে আৱৰি ৰাখে।