বাণিজ্যিক বেংকে কিয় দীৰ্ঘকালীন ৠণ নিদিয়ে?
Answers
Answer:
উত্তৰঃ বাণিজ্যিক বেংকে প্রদান কৰা মুঠ ঋণৰ সৰহ ভাগেই হ্রস্বম্যাদী। ব্যৱসায় উদ্যোগৰ প্রৱাহী বা হ্রস্বম্যাদী ঋণৰ চাহিদা বাণিজ্যিক বেংকে পুৰণ কৰে । কিন্তু বাণিজ্যিক বেংকে দীর্ঘম্যাদী ঋণ অধিক পৰিমাণে প্রদান নকৰাৰ কাৰণ হল - বাণিজ্যিক বেংকে গ্রহণ কৰা আমানতৰ বেছি ভাগেই স্বকালীন। জমা দাতাই চেক দিলে বা তাগিদা দিলে তাক পৰিশােধ কৰিব লাগে। কিন্তু দীর্ঘম্যাদী ঋণ সাধাৰণতে দীর্ঘসময়ৰ বাবে (৫ ৰ পৰা ২০ বছৰ) প্রদান কৰা হয় আৰু দীর্ঘম্যাদী ঋণৰ পৰিমাণ অধিক হােৱা দেখা যায় যাৰ ফলত বেংকৰ তাৰল্যতাত প্রভার পৰে। দীর্ঘ সময়ৰ বাবে পুঁজি আবদ্ধ হৈ থাকিলে তাৰল্যতা ৰক্ষা কৰা আৰু জমাদাতাক আমানতৰ ধন ঘুৰাই দিয়াত অসুবিধা হয়।
hope it helps..
Answer:
আমানত বা জমাকাৰীয়ে বেংকৰপৰা যিকোনো সময়তে চলিত আমানত উলিয়াই ল’ব পাৰে। চলিত আমানতৰ ওপৰত বেংকে কোনো সুদ নিদিয়ে। সঞ্চয় আমানতৰ ক্ষেত্ৰত বেংকে সুদ দিয়ে, কিন্তু সুদৰ হাৰ কম থাকে। জমাকাৰীয়ে যিকোনো সময়ত গোটেইখিনি সঞ্চয় উলিয়াব নোৱাৰে। স্থিৰ বা কাল জমাৰ এটা নিৰ্দ্দিষ্ট সময় বা কাল নিৰ্ধাৰিত থাকে। স্থিৰ জমাৰ বিপৰীতে বেংকে অধিক হাৰত সুদ আগবঢ়ায়। জমাকাৰীয়ে প্ৰয়োজন হ’লে স্থিৰ জমা নিৰ্দ্দিষ্ট সময়ৰ পূৰ্বে উলিয়াই আনিব পাৰে। কিন্তু বেংকে সুদৰ এটা অংশ তাৰ পৰা কাঢ়ি ৰাখে। বাণিজ্যিক বেংকৰ ব্যৱসায়ৰ মূল ভিত্তি হৈছে বেংক আমানত। আমানতৰ পৰিমাণ বঢ়াব নোৱাৰিলে বেংকে যথেষ্ট পৰিমাণে ঋণ প্ৰদান কৰিব নোৱাৰে.
hiii ....
khobor val ne?
happy bihu ...