India Languages, asked by madhulika7, 2 months ago

অসমীয়া বিষয়ৰ দুটা এটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই । সেয়েহে উক্ত বিষয়ৰ অতিৰিক্ত পাঠদান ব্যৱস্থাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা।​

Answers

Answered by TRISHNADEVI
6

ANSWER :

 \\  \\

প্ৰতি,

মাননীয় ". . . . . . . . . বিদ্যালয়ৰ",

প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু,

তাং : ০২/০৫/২০২১

বিষয় : অতিৰিক্ত পাঠদান ব্যৱস্থাৰ বাবে আবেদন

 \\

মহাশয়,

\:  \:  \:  \:  \:  \:  \:  \: \:  \:  \:  \:  \:  \:  \: সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই . . . . . . . . . . .বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী হওঁ । দৰাচলতে অসমীয়া বিষয়ৰ দুটা এটা পাঠ মই ভালদৰে বুজি পোৱা নাই । আগন্তুক HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমাৰ বিদ্যালয়ত যিহেতু দশম শ্ৰেণীৰ পাঠদান স্থগিত ৰখা হৈছে, সেয়ে অসমীয়া বিষয়ৰ দুটা এটা পাঠ ভালদৰে বুজি নোপোৱাত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত কিছু অসুবিধা হৈছে ।

\:  \:  \:  \:  \:  \:  \:  \: \:  \:  \:  \:  \:  \:  \: গতিকে, দয়ালু মহোদয়ক অনুৰোধ জনাওঁ যাতে কিছুদিনৰ বাবে অসমীয়া বিষয়ৰ অতিৰিক্ত পাঠদান ব্যৱস্থা কৰে।

এয়ে মহাশয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

  \\

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্ৰী,

  • নাম :
  • শ্ৰেণী :
  • ৰোলনং :
Similar questions