India Languages, asked by madhulika7, 7 hours ago

(ক ) তােমাৰ বিদ্যালয়ত কুইজ প্রতিযােগিতা এখন অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি বিদ্যালয় প্রধানলৈ এখন আৱেদন পত্র লিখা। (নাম, ঠিকনা নিলিখিবা)

(খ) তােমাৰ বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্রতিযােগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তােমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি খেল বিভাগৰ সম্পাদক/সম্পাদিকা হিচাপে এখনি আবেদন cলিখা। (আবেদনত তােমাৰ নাম ঠিকনা নিলিখিবা)​

Answers

Answered by TRISHNADEVI
7

ANSWER :

 \\  \\

(ক)

 \\

প্ৰতি,

মাননীয় ". . . . . . . . . বিদ্যালয়ৰ",

প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু,

তাং : ০৩/০৫/২০২১

বিষয় : কুইজ প্রতিযােগিতা এখন অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি আৱেদন

 \\

মহাশয়,

\: \: \: \: \: \: \: \: \: \: \: \: \: \: \: সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অহা ৮ মে', ২০২১ ইং তাৰিখ, শনিবাৰে এখন কুইজ প্রতিযােগিতা অনুষ্ঠিত কৰিব বিচাৰিছোঁ । গতিকে, মহোদয়ৰ ওচৰত অনুৰোধ জনাওঁ যাতে তেওঁ উক্ত দিনত এই কুইজ প্রতিযােগিতা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে ।

এয়ে মহাশয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

 \\

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্ৰ,

  • নাম :

সাধাৰণ সম্পাদক

ছাত্ৰ একতা সভা, ২০২০-২১

___________________________________________________________

(খ)

 \\

প্ৰতি,

মাননীয় ". . . . . . . . . বিদ্যালয়ৰ",

প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু,

তাং : ০৩/০৫/২০২১

বিষয় : বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্রতিযােগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি আৱেদন

 \\

মহাশয়,

\: \: \: \: \: \: \: \: \: \: \: \: \: \: \: সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱাবেলি অনুষ্ঠিত হৈ যোৱা বিদ্যালয় সপ্তাহৰ পাছত আমাৰ বিদ্যালয়ত কোনো ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই । তদুপৰি অলপতে বিদ্যালয় একতা সভাৰ ফালৰ পৰা হৈ যোৱা সভাত বিদ্যালয়ৰ নানা ধৰণৰ অসুবিধাৰ লগতে বহিঃবিভাগৰ খেলসমূহৰ অসুবিধাৰ কথাও আলোচিত হৈছিল । ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে খেল-ধেমালি অতি আৱশ্যকীয় । সেয়েহে মহোদয়ৰ ওচৰত অনুৰোধ জনাওঁ যাতে তেওঁ অতি সোনকালে বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ কৰি প্রতিযােগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰে ।

এয়ে মহাশয়ৰ ওচৰত মোৰ সৰল মিনতি ।

 \\

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্ৰ,

  • নাম :

সম্পাদক, খেল বিভাগ

ছাত্ৰ একতা সভা, ২০২০-২১

Answered by Anonymous
1

এতিয়াও ইউজ কৰা নেকি এই এপটো

Similar questions