India Languages, asked by XxCharmingGuyxX, 5 hours ago

১৮৫৭ চনৰ বিদ্ৰোহৰ অসমত হোৱা প্ৰভাৱসমূহ লিখা।​

Answers

Answered by kritee88
4

Answer:

Hope this will help you.

Attachments:
Answered by TRISHNADEVI
3

ANSWER :

 \\

অসমত ১৮২৬ চনত ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ পিছৰে পৰা এই শাসনৰ অৱসান ঘটাবলৈ বিভিন্ন ৰাজনৈতিক বিদ্ৰোহ সংঘটিত হৈছিল।১৮২৮-৩০ চনত সংঘটিত হোৱা গোমধৰ কোঁৱৰ আৰু গদাধৰ সিংহৰ বিদ্ৰোহৰ পিছত ১৮৫৭ চনত অসমতো সৰ্বভাৰতীয় বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল।

১৮৫৭ চনৰ বিদ্ৰোহৰ অসমত হোৱা প্ৰভাৱ সম্পৰ্কে তলত আলোচনা কৰা হ'ল :-

১৮৫৭ চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিছিল। সেয়েহে ১৮৫৭ চনৰ বিদ্ৰোহে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিছুমান লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম ৰাজপৰিয়ালৰ এজন কোঁৱৰক ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল, অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা ৰেজিমেণ্ট আছিল। সেই দুটা ৰেজিমেণ্ট আছিল ক্ৰমে প্ৰথম আসাম লাইট ইনফেণ্ট্ৰী (ডিব্ৰুগড়) আৰু দ্বিতীয় আসাম লাইট ইনফেণ্ট্ৰী (গুৱাহাটী) । চিপাহী বিদ্ৰোহৰ খবৰ অসমতো বিয়পি পৰাত এই দুটা ৰেজিমেণ্টৰ সৈন্য আৰু শিৱসাগৰ তথা চৈখোৱাত থকা ছাউনীৰ সৈন্যৰ মাজত কিছু অসন্তুষ্টিৰ সৃষ্টি হৈছিল। এই অসন্তুষ্টি ব্ৰিটিছৰ বিৰুদ্ধে বিয়পোৱাত অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ কিছুমান লোক জড়িত হৈ পৰিছিল। অসমৰ পৰা ব্ৰিটিছক খেদি পঠিওৱাই আছিল তেওঁলোকৰ প্ৰধান উদ্দেশ্য। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে।

Similar questions