প্ৰাদ্য অঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি
Answers
Answered by
7
CORRECT QUESTION :
- ❍ পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
___________________________________________________________
ANSWER :
- ❖ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা "মানৱ বন্দনা" নামৰ কবিতাটিত কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ কথা উল্লেখ কৰিছে । কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান আৰু এই মানুহৰ অৰ্থাৎ নৰৰূপী ভগৱান সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য । কবিতাটোত উল্লেখ কৰা মতে মানুহেই পৰাৎপৰ অৰ্থাৎ মানুহেই শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য । মানুহক সেৱা কৰা আৰু মানুহৰ কল্যাণ সাধন কৰাটোৱেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে । সেয়েহে কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে ।
___________________________________________________________
KNOW MORE :
- ✎ "মানৱ বন্দনা" নামৰ কবিতাটিৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা ।
- ✎ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে "মানৱ বন্দনা" নামৰ কবিতাটিত শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য মানৱৰ জয়গান গাইছে ।
- ✎ কবিৰ দৃষ্টিত মানুহেই পৰাৎপৰ অৰ্থাৎ শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য । ইয়াৰোপৰি কবিতাটিত কবিয়ে মানৱক 'ময়াপী জীৱ' বুলিও কৈছে কাৰণ, এই সংসাৰত মানুহৰ আগমন (জন্ম) আৰু গমন (মৃত্যু)এটা চিৰন্তন গতি; যি এক প্ৰকাৰ মায়া সদৃশ ।
Answered by
2
Answer:
❖ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা "মানৱ বন্দনা" নামৰ কবিতাটিত কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ কথা উল্লেখ কৰিছে । কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান আৰু এই মানুহৰ অৰ্থাৎ নৰৰূপী ভগৱান সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য । কবিতাটোত উল্লেখ কৰা মতে মানুহেই পৰাৎপৰ অৰ্থাৎ মানুহেই শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ, পৰম সত্য । মানুহক সেৱা কৰা আৰু মানুহৰ কল্যাণ সাধন কৰাটোৱেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে । সেয়েহে কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে ।
________________________
Similar questions
Math,
1 month ago
Science,
2 months ago
Math,
2 months ago
Accountancy,
10 months ago
Science,
10 months ago
Political Science,
10 months ago