Science, asked by jitendaka275, 1 day ago

মানুহৰ শৰীৰত চৰ্বিৰ পাচনৰ লগত জড়িত উৎসূচকবিধ কি

Answers

Answered by TRISHNADEVI
3

ANSWER :

 \\

অগ্নাশয় লাইপেজ

  • ❖ মানুহৰ শৰীৰত চৰ্বিৰ পাচনৰ লগত জড়িত উৎসেচকবিধ হ'ল অগ্নাশয় লাইপেজ

___________________________________________________________

EXPLANATION :

 \\

মানুহৰ শৰীৰত চৰ্বিৰ পাচন :-

  • ✎ মানুহৰ শৰীৰত চৰ্বিৰ পাচন প্ৰক্ৰিয়া ক্ষুদ্ৰান্তত সংঘটিত হয় । অগ্নাশয় লাইপেজ আৰু আন্ত্ৰিক লাইপেজৰ সহায়ত আমাৰ শৰীৰত চৰ্বিৰ পাচিত হয় । অগ্নাশয়ে অগ্নাশয় লাইপেজ নামৰ উৎসেচকবিধ ক্ষৰণ কৰে । যকৃৎৰ পৰা নিঃসৰিত হোৱা পিত্তৰসে এই অগ্নাশয় লাইপেজৰ ক্ৰিয়াৰ দক্ষতা বঢ়োৱাত সহায় কৰে । পিত্তৰসত থকা পিত্তলৱণে চৰ্বিৰ ডাঙৰ ডাঙৰ পিণ্ডবোৰক ভাঙি সৰু সৰু কণিকালৈ ৰূপান্তৰিত কৰে আৰু এই সৰু সৰু কণিকাবোৰৰ ওপৰত অগ্নাশয় লাইপেজে ভালদৰে ক্ৰিয়া আৰম্ভ কৰে । শেষত আকৌ আমাৰ ক্ষুদ্ৰান্তৰ বেৰত থকা গ্ৰন্থিৰ পৰা ওলোৱা আন্ত্ৰিক লাইপেজ নামৰ উৎসেচকবিধে চৰ্বিক বিশ্লেষণ কৰি ফেটি এছিড আৰু গ্লিচাৰ'ল উৎপন্ন কৰে ।

পাচক উৎসেচক :-

  • ✎ আমাৰ শৰীৰত কিছুমান জৈৱ অনুঘটক আছে, যিয়ে আমি খোৱা খাদ্যৰ জটিল অণুবোৰৰ বিশ্লেষণ কৰি সৰল অণুলৈ ৰূপান্তৰিত কৰি শৰীৰত খাদ্যবস্তুৰ পাচনত সহায় কৰে । এনে জৈৱ অনুঘটকবোৰক পাচক উৎসেচক বুলি কোৱা হয় ।
Similar questions