পাঁচটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো কি
Answers
Answer:
১) আনৰ বয়সটো তুমি আগতে নজনাকৈয়ে কৈ দিব পৰা এটা যাদু:
কাৰোবাক তুমি দুটামান সৰু-সুৰা যোগ-বিয়োগ কৰিবলৈ দিলা। তেওঁলোকে কি কৰিছে সেয়া তুমি নাচাবা। আৰু নোচোৱাকৈয়ে তুমি তেওঁৰ বয়সটো কৈ দিব পাৰিছা। মানুহজন আচৰিত হৈ নাযাব নে?
যাদুটোৰ পদ্ধতিটো:
ক) প্ৰথমে, মানুহজনক নিজৰ বয়সটোৰ লগত ৯০ যোগ কৰিবলৈ কোৱা।
খ) তেওঁ যিটো যোগফল পালে, তাৰ একেবাৰে বাওঁপিনে থকা অংকটো বাকী অংশৰ লগত যোগ কৰিবলৈ কোৱা।
গ) তেওঁ যিটো যোগফল পালে সেইটো তুমি সোধা। সেইটোৰ সহায়তে তুমি তেওঁৰ বয়সটো কৈ দিব পাৰিবা।
ঘ) তেওঁ যিটো সংখ্যা তোমাক ক’লে সেইটোৰ লগত তুমি মনে মনে ৯ যোগ কৰা। সেই যোগফলটোৱেই তেওঁৰ বয়সটো হ’ব। গতিকে তুমি তেওঁক বয়সটো কৈ দিয়া।
উদাহৰণ ১: ধৰা মানুহজনৰ বয়স ৪৫ বছৰ। তাৰ লগত তেওঁ ৯০ যোগ কৰিলে পাব ১৩৫। এই যোগফলটোৰ একেবাৰে বাওঁপিনে আছে ১। আৰু বাকী অংশটো হ’ল ৩৫। গতিকে, এই ১টো বাকী অংশটোৰ লগত যোগ কৰিলে তেওঁ পাব ৩৬। এই শেষৰ যোগফলটো তুমি তেওঁৰ পৰা সুধি লৈ লোৱা।
এতিয়া, তুমি মনে মনে তাৰ লগত ৯ যোগ কৰি যিটো পাবা ৪৫। সেইটোৱেই তেওঁ বয়স।
উদাহৰণ ২: ধৰা মানুহজনৰ বয়স ৬৬ বছৰ। ৬৬ + ৯০ = ১৫৬। আৰু ১ + ৫৬ = ৫৭।
এতিয়া তুমি মানুহজনৰ পৰা শেষৰ যোগফলটো লৈ তাৰ লগত মনে মনে ৯ যোগ কৰি বয়সটো কৈ দিয়া। কাৰণ, ৫৭ + ৯ = ৬৬।
এইটো কেনেকৈ সম্ভৱ হৈছে? ইয়াৰ ৰহস্যটো কি?
ৰহস্যটো হ’ল:
তুমি এই ধেমালীটো কৰা মানুহজনৰ বয়স নিশ্চয়কৈ ১০ পৰা ১০০ৰ ভিতৰতে হ’ব। ১০ পৰা ১০৯লৈকে যিকোনো সংখ্যাৰ লগত ৯০ যোগ কৰিলে বাওঁপিনে সদায় ১য়েই পাবা। ১ৰ বাহিৰে বেলেগ নোপোৱা। আৰু ১টো আঁতৰাই দিলে যোগফলৰ বাকী অংশটোত কি থাকিব? মানুহজনৰ বয়সতকৈ ১০ কম থাকিব। ৪৫ বছৰ হ’লে ওলাল ৩৫। সেইদৰে ৬৬ বছৰ হ’লে ওলাল ৫৬। সেই ১টো মানুহজনে তাত যোগ কৰিবই। গতিকে শেষৰ যোগফলটোত তুমি মনে মনে মুখতে ৯ যোগ কৰিলে উত্তৰটো পাই গ’লা।
[এই নিময়টোৰ সহায়ত তুমি নিজেও কেইটামান যাদু উলিয়াব পাৰা। মানুহজনৰ বয়স ১০ বছৰতকৈ কম হ’লে, তুমি এনেদৰে উত্তৰটো পাবলৈ কি যোগ কৰিব লাগিব ভাবাচোন। ইয়াৰ বাবে তুমি যোগ কৰিবলৈ দিয়া সংখ্যাটো ৯০ৰ সলনি বেলেগ সংখ্যা হ’ব লাগিব