মহিলা সৱলীকৰণ মানে কি
Answers
Answer:
I don't understand this language
if possible then type in English
in English,What does female empowerment mean?
Explanation:
সমাজ কল্যাণ
সামাজিক সজাগতা
নাৰী সৱলীকৰন
State:
published
নাৰী সৱলীকৰন
ভাৰতবৰ্ষত নাৰীৰ অৱস্থান
নাৰী সৱলীকৰণ মানে মহিলাৰ আত্মিক, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা। প্ৰায়বোৰ ক্ষেত্ৰতে নাৰীসকলৰ নিজা সামৰ্থ্য সম্পৰ্কত আত্মবিশ্বাস বঢ়াই তোলাৰ প্ৰয়োজন। সম্ভৱতঃ সৱলীকৰণ নিম্নোক্ত বা তেনেধৰণৰ সামৰ্থ্য সমূহৰ সমষ্টি-
তেওঁলোকে নিজে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অৰ্জন কৰা।
সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্য-পাতি আৰু অৰ্থ অৰ্জন।
নিজৰ পছন্দটো বাচি লব পাৰাকৈ (মাথোঁ হ্য়/ নহয়, এইটো অথবা সেইটো নহয়) এলানি সুযোগ আগবঢ়োৱা।
যৌথ সিদ্ধান্ত গ্ৰহণত নিজৰ মতামত আগবঢ়োৱাৰ সামৰ্থ্য বৃদ্ধি কৰা।
পৰিৱৰ্তন সম্পৰ্কত ইতিবাচক চিন্তা-চৰ্চা।
ব্যক্তিগত বা গোটৰ ক্ষমতা উন্নীতকৰণৰ কৌশল শিকাঁৰ সামৰ্থ্য।
গণতান্ত্ৰিক উপায়েৰে আনৰ ধাৰণা সলনি কৰাৰ সামৰ্থ্য।
অন্তহীন আৰু আত্ম- উদ্যমেৰে পৰিচালিত হৈ বিকাশৰ প্ৰক্ৰিয়া আৰু পৰিবৰ্তনত জড়িত হোৱা।
নিজৰ ইতিবাচক ভাৱমূৰ্তি বঢ়োৱা আৰু বদনামৰ পৰা আঁতৰি থকা ।
ভাৰতবৰ্ষত নাৰীৰ অৱস্থান
ভাৰতবৰ্ষত আজিকালি মহিলাসকলে শিক্ষা, ৰাজনীতি, সংবাদ-মাধ্যম, কলা-সংস্কৃতি, সেৱাখণ্ড, বিজ্ঞান-প্ৰযুক্তি ইত্যাদি সকলোবোৰ ক্ষেত্ৰত জড়িত হৈ পৰিছে।