কোষৰ আত্মঘাতী মোনা আখ্যা পোৱা অংগাণুবিধৰ কৰ্ম কি?
Answers
Answer:
সকলো জীৱদেহ বিভিন্ন কোষৰ দ্বাৰা গঠিত হয়। উদ্ভিদ নতুবা প্ৰাণী কোষ যিয়েই নহওক কিয়, প্ৰত্যেকৰে কোষবিলাকত কোষাবৰণ, কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস এই তিনিটা বৈশিষ্ট্য পোৱা যায়। কোষ এটাৰ আটাইবোৰ আভ্যন্তৰী প্ৰক্ৰিয়া আৰু কোষটোৰ পৰিৱেশৰ লগত থকা সম্বন্ধ এই তিনিটা বৈশিষ্ট্যৰ বাবেই সম্ভৱপৰ হয়।
একোটা কোষৰ কোষ প্ৰৰসত থকা জুলীয়া পদাৰ্থত বিশেষ কিছুমান কোষ অংগাণু থাকে। প্ৰতিটো কোষ অংগাণুৱেই কোষৰ নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। লাইছ’জ’মো হ’ল কোষ প্ৰৰসত থকা তেনে এবিধ কোষ অংগাণু। গঠনৰ ফালৰ পৰা লইছ’জ’ম বিলাক আৱৰণীযুক্ত বিশিষ্ট মোনা সদৃশ, য’ত কিছুমান পৰিপাকীয় উৎসেচক ভৰ্ত্তি হৈ থাকে।
কোষৰ বিভিন্ন অংশ আৰু কোষ অংগাণুসমুহ
লাইছ’জ’ম নামৰ কোষ অংগাণুবিধ কোষৰ বৰ্জিত পদাৰ্থৰ নিষ্কাশন কাৰ্যৰ লগত জড়িত। অৰ্থাৎ লাইছ’জ’মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল পদাৰ্থবোৰ তথা কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ অংগাণু আদিক লাইছ’জ’মে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইছ’জ’মত থকা কিছুমান জলবিয়োজক উৎসেচক থকাৰ বাবেই সকলো ধৰণৰ জৈৱ যৌগক সৰলীকৃত কৰি ল’ব পাৰে। কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ’লে, উদাহৰণস্বৰূপে যদি কোষ এটা মৰি যায় তেতিয়াই লাইছ’জ’মে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছ’জ’মক কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়।
Answer:
কোষের মৃত্যু একটি জৈবিক কোষের ক্রিয়াকলাপ গুলি সম্পাদন করার ঘটনা। এটি পুরানো কোষগুলির মৃত্যুর প্রাকৃতিক প্রক্রিয়ার ফলাফল হতে পারে এবং নতুন কোষদ্বারা প্রতিস্থাপিত হতে পারে, অথবা রোগ, স্থানীয় আঘাত বা কোষগুলি যে জীবের অংশ তার মৃত্যুর মতো কারণগুলির ফলে হতে পারে। অ্যাপোপ্টোসিস বা টাইপ 1 সেল-ডেথ, এবং অটোফ্যাজি বা টাইপ 2 সেল-ডেথ উভয়ই প্রোগ্রামকৃত কোষমৃত্যুর ফর্ম, যখন নেক্রোসিস একটি অ-শারীরবৃত্তীয় প্রক্রিয়া যা সংক্রমণ বা আঘাতের ফলে ঘটে।