Political Science, asked by atikulali705, 2 months ago

ৰাজনৈতিক দলৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা ?​

Answers

Answered by TRISHNADEVI
3

ANSWER :

 \\

ৰাজনৈতিক দলৰ প্ৰধান কাৰ্যসমূহতলত উল্লেখ কৰা হ'ল :-

  • ১] জনমত গঠন কৰা : ৰাজনৈতিক দলৰ এটি অন্যতম প্ৰধান কাৰ্য হ'ল জনমত গঠন কৰা । দেশৰ জনসাধাৰণৰ মাজত জনমত গঠন কৰি ৰাজনৈতিক দলসমূহে জনতাৰ সমস্যা সমাধানৰ চেষ্টা কৰে ।

  • ২] জনতাক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা : দেশৰ জনসাধাৰণক বিভিন্ন ধৰণৰ ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা ৰাজনৈতিক দলৰ অন্য এক প্ৰধান কাৰ্য । জনসাধাৰণ ৰাজনৈতিক দিশৰ লগত জড়িত বিভিন্ন জ্ঞানেৰে পৰিপুষ্ট হোৱাটো অতি প্ৰয়োজনীয় । সেয়েহে ৰাজনৈতিক দলসমূহে জনতাক এই শিক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

  • ৩] জণগণৰ মাজত সজাগতা বৃদ্ধি কৰা : ৰাজনৈতিক দলসমূহে দেশৰ জণগণৰ মাজত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সজাগতা বৃদ্ধি কৰে ।

  • ৪] জণগণক সু-সংগঠিত ৰূপ দিয়া : দেশৰ বিভিন্ন পৰ্যায়ৰ জণগণক সু-সংগঠিত ৰূপ দিয়াত ৰাজনৈতিক দলসমূহে আগ-ভাগ লয় । কাৰণ জনতা সু-সংগঠিত ৰূপত গঢ় লৈ উঠিলেহে দেশৰ উন্নতি সাধন হ'ব ।

  • ৫] জনসাধাৰণ আৰু চৰকাৰৰ মাজত সংযোগ স্থাপন কৰা : ৰাজনৈতিক দলসমূহে দেশৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত সংযোগ স্থাপন কৰে । এই দলসমূহে জনতাৰ অভাৱ-অভিযোগসমূহ চৰকাৰক অৱগত কৰাই আৰু চৰকাৰৰ নীতি-আঁচনি সম্বন্ধে জনতাক পৰিচিত কৰি দিয়ে ।
Similar questions