History, asked by atikulali705, 5 hours ago

ভাৰতবৰ্ষত চিপাহী বিদ্ৰোহৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা?​

Answers

Answered by mdsultanhoque
4

Answer:

চিপাহী বিদ্ৰোহ হৈছে ১৮৫৭ চনৰ ১০ মে'ত মিৰাট চহৰত হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ চিপাহীসকলে কৰা এক বিদ্ৰোহ। ক্ৰমশঃ এই বিদ্ৰোহ সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতত (বৰ্তমানৰ উত্তৰপ্ৰদেশ, বিহাৰ, উত্তৰ মধ্যপ্ৰদেশ আৰু দিল্লী অঞ্চল) বিয়পি পৰিছিল।[1] এই অঞ্চলসমূহত কোম্পানীয়ে যথেষ্ট ক্ষিপ্ৰ বেগত বিদ্ৰোহ দমন কৰিছিল।[2] ১৮৫৮ চনৰ ২০ জুন গোৱালিয়ৰত বিদ্ৰোহীসকলৰ পৰাজয়ৰ পৰাই এই বিদ্ৰোহ দমন কৰা সম্ভৱ হয়।[1] চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ, মহাবিদ্ৰোহ, ভাৰতীয় বিদ্ৰোহ, ১৮৫৭ চনৰ বিদ্ৰোহ আৰু ১৮৫৮ চন গণ-অভ্যুত্থান নামেৰেও অভিহিত কৰা হয়। এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হয়। বহু নিৰপৰাধ নৰ−নাৰী, শিশু−বৃদ্ধক নিৰ্বিচাৰে হত্যা কৰা হয়।

কোম্পানী-শাসিত অন্যান্য অঞ্চলত (বেঙ্গল প্ৰেছিডেন্সি, বোম্বে প্ৰেছিডেন্সি আৰু মাদ্ৰাজ প্ৰেছিডেন্সি) ইয়াৰ প্ৰভাৱ পৰা নাছিল।[1] পঞ্জাবৰ শিখ ৰাজ্যবোৰে ব্ৰিটিছৰ সৈন্য সৰবৰাহ কৰি সমৰ্থন জোগাইছিল।[1] বৃহৎ দেশীয় ৰাজ্যবোৰৰ (হায়দৰাবাদ, মহীশূৰ, ত্ৰিবাঙ্কুৰ আৰু কাশ্মীৰ) লগতে ৰাজপুতানাৰ দৰে সৰু ৰাজ্যবোৰও বিদ্ৰোহৰ পৰা আঁতৰি আছিল।[3] অযোধ্যাৰ দৰে কোনো কোনো অঞ্চলৰ বিদ্ৰোহীয়ে ইউৰোপীৰ বিৰুদ্ধে যুদ্ধ কৰি চূড়ান্ত দেশপ্ৰেমৰ নিদৰ্শন স্থাপন কৰিছিল।[4] ঝাঁঞ্চিৰ ৰাণী লক্ষ্মী বাঈ, তুলসীপুৰৰ ৰাণী ঈশ্বৰী কুমাৰী দেৱী আদি ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ কিংবদন্তীত পৰিনত হৈছিল।[1] অন্যান্য প্ৰধান নেতৃবৰ্গৰ ভিতৰত আছিল নানা চাহেব, তাঁতিয়া তোপী, কোঁৱৰ সিং ইত্যাদি সামন্ত ৰজা আৰু সৈনিক। যদিও অনেক ঐতিহাসিকৰ মতে তেওঁলোকে কোনো উচ্চ আদৰ্শত অনুপ্ৰাণিত হৈ যুদ্ধত অবতীৰ্ণ হোৱা নাছিল।[5] চিপাহী বিদ্ৰোহৰ পিছৰ ১৮৫৮ চনত ভাৰতত কোম্পানী-শাসনৰ অৱসান ঘটে, ব্ৰিটিছৰ সেনাবাহিনী, অৰ্থব্যৱস্থা আৰু ভাৰতীয় প্ৰশাসন পুনৰ্গঠন কৰিবলৈ বাধ্য হয়।[6] ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটেইনৰ ৰাণীৰ শাসনৰ অধীনলৈ আহে।[3]

Explanation:

pls you give me some thanks and make brainliest

Similar questions