ৰাইজমেল বুলিলে কি বুজা?
Answers
Answer:
ৰাইজমেল সমূহ প্ৰাক ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজত্বৰ আৰম্ভনি কালচোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক সামাজিক মঞ্চ আছিল। ১৭০৭ - ৬৯ ৰ কালচোৱাত মূলতঃ কৃষকৰ এক সামাজিক শক্তি হিচাবে উদ্ভৱ হৈ ১৮৯৪ চন মানলৈকে ই বৰ্তি আছিল। দৰং জিলাৰ পৰা আৰম্ভ কৰি মধ্য অসম পৰ্য্যন্ত এই ৰাইজমেল সমূহ দেখা গৈছিল। এইসমূহ অনিয়মীয়া সংগঠন আছিল আৰু ৰাইজৰ প্ৰয়োজন সাপেক্ষে গঠন বা আহবান কৰা হৈছিল। ইয়াৰ কোনো কেন্দ্ৰীয় নেতৃত্ব নাছিল আৰু ৰাইজৰ দ্বাৰা সমজুৱা স্বাৰ্থৰ হকে পৰিচালিত হৈছিল। ১৮২৮ - ৯৪ কালচোৱাত ফুলগুৰি, পথৰুয়াট, বজালী আদিত ব্ৰিটিছ শাসন প্ৰথাৰ বিৰুদ্ধে দেখা দিয়া বিভিন্ন কৃষক বিদ্ৰোহত এই ৰাইজমেল সমূহে বিশেষ অৰিহণা যোগাইছিল। এই সংগঠনসমূহৰ চৰিত্ৰ জাতি আৰু ধৰ্ম নিৰপেক্ষ আছিল আৰু কোঁচ, কলিতা, বামুন, হিন্দু, মুছলমান নিৰ্বিশেষে এইসমূহত অংশগ্ৰহণ কৰিছিল। প্ৰথমছোৱাত ৰজা আৰু ব্ৰিটিছ সকলেও এইসমূহক স্বীকৃতি দিছিল। মুখ্যতঃ কৃষিজীৱী প্ৰজাৰ এই সংগঠনসমূ্ত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ অংশগ্ৰহণ আৰু সহযোগ সম্পৰ্কে অৱশ্যে বিতৰ্ক চলি আছে।[1]