Math, asked by tustraj, 1 month ago

সজ উপায়েৰে ধন ঘটা টান,
তাতােকৰি টান সি ধন হােৱা;​

Answers

Answered by tapanpal3398
0

Answer:

Hope it helps...

Step-by-step explanation:

শীৰ্ঘে টেনছনৰ পৰা নিজকে মুক্ত কৰাৰ উপায় :

মানৱ শৰীৰৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ হানি-বিঘিনি ঘটাৰ ভালেমান কাৰণৰ ভিতৰত দুটা কাৰণ হৈছে মানুহৰ অত্যধিক টেনছন আৰু অধিক পৰিশ্ৰম। কোৱা নিষ্প্ৰয়োজন যে আজিৰ দিনত প্ৰায় সকলোৰে জীৱনত টেনছন কিছু থাকেই। কিন্তু কিছুমানৰ ক্ষেত্ৰত ইয়াৰ মাত্ৰাধিক হোৱা দেখা যায়। সংসাৰ বা দৈনন্দিন জীৱন যাত্ৰা চলাই নিবলৈ বহুতেই ওপৰঞ্চি খাটনি বা পৰিশ্ৰম কৰিবলগীয়াত পৰে।

আধুনিক জীৱন যাত্ৰাই হৈছে এনেকুৱা য’ত অত্যধিক চিন্তা, অপৰিসীমৱ দায়িত্ব-খাটনি-পৰিশ্ৰম মানুহৰ জীৱনৰ লগৰী। এইবিলাকৰ হেঁচাত কোনো কোনো সময়ত জীৱনটোৱেই ব’ব নোৱাৰা বোজা যেন হৈ পৰে। তাতে মানুহভেদে মানুহৰ স্বভাৱো হয় ভিন ভিন। কিছুমান মানুহে সকলো ধৰণৰ গধুৰ দায়িত্ব, গধুৰ সমস্যা সহজে মূৰ পাতি লৈ কামত আগুৱাব পাৰে। হাজাৰ সমস্যাতো তেওঁলোকৰ মুখত হাঁহিৰ ৰেশ থাকে।

কিন্তু আন কিছুমান নাৰী বা পুৰুষ আছে, তেওঁলোকে সামান্য সমস্যা এটাকো অধিক গুৰুত্ব দি হৈ-চৈ কৰে, নিজেও অশান্তিত ভোগে, আনকো অশান্তিত ভোগায়। সামান্য সমস্যা এটাৰো সন্মুখীন হোৱাৰ তেওঁলোকৰ সাহস নাই। এনেবিধ মানুহৰ জীৱনত সুখ বা শান্তিতকৈ অশান্তিয়েই বেছি হয়।

আমাৰ সমাজৰ বেছিভাগ লোকলৈ যদি লক্ষ্য কৰা যায়, দেখা যায় বেছিভাগেই যেন টেনছনৰ পৰা দূৰত থাকিব নোখোজে। তাৰ মাজতো যিসকলে টেনছনৰ পৰা মুক্তি লৈ অলপ সকাহ পাব খোজে, অলপ মুক্তভাৱে উশাহ ল’ব খোজে, সেইসকললৈ কেইটিমান নিয়ম আগ বঢ়োৱা হ’ল-

*যদি অনুভৱ কৰে, কোনো কাৰণত মনৰ মাজত টেনছনৰ উদ্ভৱ হৈছে, তেনে প্ৰথম প্ৰচেষ্টাটোৱেই হ’ব লাগিব যি কাৰণত টেনছন হৈছে, সেই কাৰণটো সহজভাৱে লোৱা। পৃথিৱীত এনে কোনো ঘটনা বা সমস্যা নাই যাৰ বাবে আপুনি মৃত্যুমুখত পৰিব লাগিব বা সেই সমস্যাৰ সমাধান নাই লাহে লাহে সমস্যা সমাধানৰ বাট ওলাবই। যদিহে সমস্যাটো সমাধান নহ’ল, দেখিব সময়ৰ গতিত সমাধান নোহোৱা ঘটনাটো সহজভাৱে ল’ব পৰা হৈছে। এইদৰেই পৃথিৱীৰ কোটি কোটি লোক সমস্যাৰ সমাধান বা লোক সমস্যাৰ সমাধান বা সমাধান কৰিব নোৱাৰাৰ মাজত লীণ গৈ আছে। মানুহে কোনো কোনো মুহূৰ্তত কিছুমান কঠিন সময়ৰ মুখামুখি কৰিবলগীয়া কৰ্তব্য কৰিবলৈ আগবাঢ়ি যাব লাগে।

*যদি কিবা এটা নগলা চিন্তাই আহি মনটোক টেনছনত ডুবাইছেহি বা বিষাদৰ সৃষ্টি কৰিছে, তেন্তে উচিত হ’ব মনটোক সেই চিন্তাৰ পৰা আঁতৰাই আন চিন্তালৈ সলনি কৰা। অন্য কাম এটা হাতত লোৱাৰ কথা ভাবা। তাৰ মানে প্ৰস্তুতি গঢ়ি তোলা। কোনো ভাল লগা বন্ধুৰ সৈতে ফোনত কিছু সময় আলাপ কৰি মনটো পাতলাই তুলিব পাৰে। এবাৰ মনটো পাতল হৈ পৰিলে সি স্থায়ী হয় আৰু পূৰ্বৰ টেনছন লগতে বিষাদবোৰ আঁতৰ হোৱাও বহুতৰ ক্ষেত্ৰতে দেখা যায়। এনে হোৱাটো শুভ লক্ষণ। কিন্তু কোনো ক্ষেত্ৰতে টেনছন হ্ৰাস কৰা সম্ভৱ নহ’লে আৰু বৃদ্ধি পাই গৈ থাকিলে তেতিয়া সচেতন হৈ যতন ল’ব লাগে। নিজকে বুজোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবি ল’ব লাগিব।

*অফিচত কাম কৰাসকলে টেনছনৰ পৰা তৎক্ষণাত নিজকে মুক্ত কৰিবলৈ হ’লে নিজৰ বহি থকাৰ ঠাইৰ পৰা উঠি গৈ আন এটা কামত ব্যস্ত হৈ পৰিব লাগে। ঘৰত থকাসকলে নিজৰ পছন্দৰ কাম উলিয়াই সেই কামটোত ব্যস্ত বা মগ্ন হৈ পৰিব লাগে। কি কথাত বেছি গুৰুত্ব দিব, দৰকাৰী কথাত নে অদৰকাৰী কথাত, সেইটো মনৰ মাজত নিজেই নিৰ্ধাৰণ কৰি লওক। তাতেই অযথা টেনছনৰ পৰা মুক্তি পোৱাৰ পথ পাই যাব।

*কোনো মুকলি ঠাইত জোৰে জোৰে খোজ কাঢ়ি মনটো মুকলি কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। ঘৰৰ ভিতৰত থাকিলে খোলা খিৰিকীৰ মুখত থিয় হৈ দীঘলকৈ উশাহ লৈ এৰি দিয়ক। তৎক্ষণাৎ নিজকে টেনছন মুক্ত কৰি তুলিবলৈ প্ৰাণায়াম উপকাৰী। খোজ কাঢ়িবলৈ যদি ঠাই নাই, কোঠাৰ ভিতৰতে দুটামন এক্সাৰচাইজ কৰা উচিত।

*যিটো কথাই মনক আমনি দিছে, সেই কথাটো কিমান গুৰুত্বপূৰ্ণ, তাত অধিক মনোযোগ বা গুৰুত্ব দিয়া উচিতনে, সেই কথা মনত জুকিয়াই লোৱা উচিত। যদি সিমান গুৰুত্ব দিবলগীয়া নহয়েই, তেনে গুৰুত্ব দিবলৈ যাব কিয়, আৰু যদি বিষয় গম্ভীৰো শিক্ষিত আৰু সুন্দৰ মনৰ মানুহে তাক সহজ কৰি ল’ব পাৰে। আৰু যদি নোৱাৰেও তাক লৈ অত্যধিক মূৰ ঘমোৱাতকৈ সদ্যহতে ত্যাগ কৰি চলিব। জীৱনত এনেবোৰ সৰু-বৰ ঢৌ আহে বুলি ভাবি জীৱনৰ বাটত আগ বাঢ়িব। কৰ্মময় জীৱনত উপৰুৱা টেনছন লৈ মুহূৰ্তবোৰ কষ্টকৰ কৰি তোলাতকৈ কামত মনোযোগ দি জীৱন সাৰ্থকময় কৰি তোলাটোহে কথা।

Answered by madhusudanbadgujar02
0

Answer

State:

open

উৎস: অসম বাণী

Similar questions