India Languages, asked by khupneichongsai7863, 1 month ago

ভাব সম্প্ৰসাৰণ কৰা- কথাত কটা যায়, কথাত বঁটা পায়​

Answers

Answered by dreamrob
5

কথাত কটা যায়, কথাত বঁটা পায়-

  • কি পৰিস্থিতিত, কাৰ লগত, কেনে সময়ত, কেনেকৈ কথা ক'ব লাগে, তাক মানুহে ভালদৰে জনা উচিত। মানুহৰ মুখৰ কথাষাৰেই কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে অথবা অতি সংকটপন্ন অৱস্থা পৰিস্থিতিত মুখৰ কৌশলী,নম্ন কথাষাৰেই কেতিয়াবা মানুহক উদ্ধাৰ কৰিব পাৰে।
  • কর্কশ, হুটা মাত-কথাই মানুহক বিতুষ্ট কৰে আৰু তেনেদৰে কথা কোৱা মানুহ সকলোৰে অপ্রিয় হয়। কর্কশ সুৰত ভাল কথা ক'লেও মানুহে ভাল নাপায়। তদুপৰি মানুহে নক'বলগীয়া পৰিস্থিতিত, নক'বলগীয়া কথা কৈ বহু বিপদত পৰা আনকি প্রাণৰ সংশয় পর্যন্ত আহি পৰাও দেখা যায়।
  • আনহাতে সুন্দৰ, সময়োপযোগীকৈ কথা ক'ব পৰা ব্যক্তি লোকৰ প্রিয় পাত্র হ'ব পাৰে। নিজৰ সংযমী কথাৰে আন মানুহৰ সমীহ আদায় কৰি মানুহে সামাজিক ক্ষেত্ৰতো যথেষ্ট উন্নতি লাভ কৰিব পাৰে। বিপদৰ সময়তো নম্র, ভদ্র ব্যৱহাৰেৰে শত্ৰুৰ মন পর্যন্ত জয় কৰি অহাৰৰ উদাহৰণ আমাৰ মাজত আছে|
  • গতিকে দেখা যায়, হুটা কর্কশ কথা তথা সময়জ্ঞানহীন কথাই মানুহলৈ বিপদ কঢ়িয়াই আনিব পাৰে আৰু ভদ্র, কৌশলী তথা সময়োপযোগী কথা ক'ব পৰা জনে নিজৰ কথাৰেই বহু কিবা কিবি লাভ কৰিবলৈ সক্ষম হয়।

এই ছিলো কথাত কটা যায়, কথাত বঁটা পায় এৰ ভাব সম্প্ৰসাৰণ

#SPJ3

Similar questions