India Languages, asked by krishnamoni695, 1 month ago

সাম্ৰাজ্য স্থাপনত চন্দ্ৰগুপ্তক সহায় কৰা ব্যক্তিজনৰ নাম কি আছিল​

Answers

Answered by rabin0449
1

Answer:

গুপ্ত সাম্ৰাজ্য

গুপ্ত সাম্ৰাজ্য (সংস্কৃত: गुप्तसाम्राज्य, Gupta Sāmrājya) হৈছে প্ৰাচীন ভাৰতত মহাৰাজ শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা এক সাম্ৰাজ্য। এই সাম্ৰাজ্য ভাৰত উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল হৈছে ৩২০-ৰ পৰা ৫৫০ চন।[1] গুপ্তসকলৰ শাসনকালত বিৰাজমান শান্তি তথা সমৃদ্ধিৰ বাবে বৈজ্ঞানিক আৰু কলাত্মক চিন্তা-চৰ্চাসমূহৰ উদ্গতি ঘটিছিল।[2] সেয়ে এই কালছোৱা ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা হয়।[3] এই সময়ছোৱাতে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আভিযান্ত্ৰিক, কলা, ভাষা, সাহিত্য, তৰ্কবিজ্ঞান, গণিত, জ্যোতিৰ্বিদ্যা, ধৰ্ম আৰু দৰ্শনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটিত উপনীত হৈছিল আৰু এই উপাদনবোৰেই সমূহীয়াকৈ হিন্দু সংস্কৃতিৰ ৰূপ লৈছিল।[4] প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্ত আছিল গুপ্ত ৰাজবংশৰ সবাতোকৈ উল্লেখনীয় শাসনকৰ্ত্তা।[5] খ্ৰীষ্টিয় ৪ৰ্থ শতিকাৰ সংস্কৃত কবি কালিদাসে গুপ্তসকলে ভাৰতবৰ্ষৰ ভিতৰে বাহিৰে ২১খন ৰাজ্য জয় কৰাৰ কথা বৰ্ণনা কৰিছে। ইয়াৰ ভিতৰত আছে পৰসিক, হুন, কম্বোজ, পূব আৰু পশ্চিম অক্সাচ নদী উপত্যকাৰ জনজাতি, কিন্নৰ, কিৰাট ইত্যাদি।[6]

Explanation:

please mark me as your follower

Similar questions