দুবিধ বায়ু প্ৰদূষণ বিষয়ে লিখা
Answers
Answer:
☰
বায়ু প্ৰদূষণ ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়। ইন্ধনৰ বাবে কাঠ জ্বলোৱা, জীৱ-জন্তুৰ দহন, ইন্ধনৰ ভেজালকৰণ, যান-বাহনৰ পৰা হোৱা নিৰ্গমন আৰু যান-জট ইত্যাদি কাৰকবোৰে ভাৰতত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিছে। শৰৎ আৰু শীতকালত ভাৰতৰ খেতিপথাৰত শস্য চপোৱাৰ পিছত ৰৈ যোৱা অৱশেষ জ্বলাই দিয়া হয়। ধোঁৱা, ধোঁৱামিশ্ৰিত গাঢ় কুঁৱলী আৰু প্ৰদূষণ সৃষ্টি কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ বায়ুমণ্ডলীয় কণিকাৰ ই এটা অন্যতম উৎস। ভাৰতত জনমূৰি গ্ৰীণ হাউছ গেছৰ নিৰ্গমনৰ হাৰ কম কিন্তু সামগ্ৰিকভাৱে এই ক্ষেত্ৰত চীন আৰু আমেৰিকাৰ পিছতে ভাৰতৰ স্থান। ২০১৩ চনত ধূমপান নকৰা ব্যক্তিসকলক সামৰি চলোৱা এটা সমীক্ষাত দেখা গৈছিল যে ইউৰোপীয়সকলৰ তুলনাত ভাৰতীয়সকলৰ কাৰ্যদক্ষতা ৩০ শতাংশ কম।
বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ভাৰতত ১৯৮১ চনত বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰা কেতবোৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ প্ৰগতি লাভ কৰা হৈছে। তথাপি ২০১৩ ৰ পাৰিৱেশিক দক্ষতা সূচকাংকৰ ক্ষেত্ৰত ভাৰতে ১৭৮ খন দেশৰ মাজত ১৫৫ তম স্থানহে লাভ কৰিছে। ইয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে এই ক্ষেত্ৰত কৰিব লগা বহু আছে। গ্ৰাম্য ভাৰতত খাদ্য প্ৰস্তুত কৰাৰ বাবে ইন্ধন হিচাপে কাঠ, শুকান বাঁহ-পাত, পোহনীয়া জন্তুৰ গোৱৰ ব্যৱহাৰ কৰা হয়। এইবোৰ জ্বলালে ধোঁৱাৰ লগতে বিভিন্ন আভ্যন্তৰীণ বায়ু প্ৰদূষক উৎপন্ন হয়-যিবোৰৰ ঘনত্ব কয়লাতকৈ ৫ গুণ বেছি। সমীক্ষা মতে, ভাৰতত প্ৰতিদিনে এই ইন্ধন ব্যৱহাৰ কৰা চুলা ১০০ নিযুতৰো অধিক পৰিয়ালত দিনটোত ২-৩ বাৰকৈ জ্বলোৱা হয়। প্ৰদূষণ বিহীন ইন্ধন আৰু বিদ্যুৎ ভাৰতৰ গ্ৰামাঞ্চলত উপলব্ধ নহয়।
ভাৰতৰ গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ আকাশত প্ৰায় স্থায়ী ৰূপত ধোঁৱা আৰু ধূলি মিশ্ৰিত কুঁৱলী সদৃশ আচ্ছাদনক বিদ্যমান আৰু ইয়াৰ কাৰণ হৈছে এনে ধৰণৰ ইন্ধনৰ ব্যৱহাৰ। এনে ধৰণৰ ইন্ধন শক্তিৰ উৎস হিচাপে অদক্ষ কিয়নো এইবোৰৰ দহনত মাত্ৰাধিক ধোঁৱা, প্ৰদূষক কল, নাইট্ৰাছ অক্সাইড, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন’ক্সাইড ইত্যাদি নিৰ্গত হয়। বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিভিন্ন সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতত আভ্যন্তৰীণ বায়ু প্ৰদূষণ আৰু কাৰ্বন মন’ক্সাইডৰ পৰা বিষক্ৰিয়াৰ বাবে ৩ ৰ পৰা ৪ লাখ লোকে প্ৰাণ হেৰুৱায়। ‘এছিয়ান ব্ৰাউন ক্লাউড’ৰ প্ৰধান কাৰক হৈছে বায়ু প্ৰদূষণ। বিলম্বিত মৌচুমীৰ কাৰণ হৈছে এই এছিয়ান ব্ৰাউন ক্লাউড।
শক্তিৰ বাবে কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত সামগ্ৰী আৰু জীৱ-জন্তুৰ বৰ্জিত সামগ্ৰী ব্যৱহাৰকাৰী দেশবোৰৰ ভিতৰত ভাৰত হৈছে বৃহত্তম। ভাৰতত বছৰি জনমূৰি ইন্ধন হিচাপে ব্যৱহাৰ হোৱা কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত পেলনীয়া সামগ্ৰী আৰু গৰু-ম’হৰ গোবৰৰ পৰিমাণ ২০৬ কিলো কয়লাৰ সম পৰিমাণৰ।
আমেৰিকাৰ তুলনাত ভাৰতত ইন্ধন হিচাপে কাঠৰ ব্যৱহাৰ দহ গুণ অধিক আৰু আমেৰিকাৰ তুলনাত ভাৰতত ব্যৱহাৰ হোৱা এই কাঠৰ গুণগত মান ভিন্ন। ভাৰতত ব্যৱহাৰ হোৱা চুলাবোৰৰ দক্ষতা কম আৰু সেইবাবে অধিক ধোঁৱা আৰু বায়ু প্ৰদূষণকাৰী দ্ৰব্যৰ সৃষ্টি হয়। থোৰতে ক’বলৈ হ’লে ভাৰতত খৰি আৰু গোবৰৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা আভ্যন্তৰীণ আৰু বাহ্যিক বায়ু প্ৰদূষণৰ প্ৰভাৱ অত্যন্ত বেছি।
অধ্যয়নৰ পৰা দেখা গৈছে যে ভাৰতত কাঠখৰি আৰু গোবৰ অদক্ষ চুলাত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে জৈৱ গেছ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি-যি কম প্ৰদূষণকাৰী আৰু ইন্ধন হিচাপে অধিক দক্ষ। তদুপৰি জৈৱ গেছ প্ৰকল্পবোৰত উৎপন্ন হোৱা উপজাত সামগ্ৰী খেতিপথাৰত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
২০০১ ৰ পৰা ২০১০ ৰ ভিতৰত ভাৰতে বিদ্যুৎ শক্তি উৎপাদন, গ্ৰাম্য অঞ্চলত বিদ্যুৎ যোগান আৰু তৰলীকৃত কম প্ৰদূষণকাৰী ইন্ধনৰ উপলব্ধতা বৃদ্ধি কৰি প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল যে ভাৰতৰ বায়ুৰ মান যথেষ্ট উন্নত হৈছিল। কেতবোৰ ঠাইত নাইট্ৰাছ অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু বায়ুমণ্ডলত ভাসমান কণিকাৰ পৰিমাণ ৩০ ৰ পৰা ৬৫ শতাংশ পৰ্য্যন্ত হ্ৰাস পাইছিল। তথাপি এয়া বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত মাত্ৰাতকৈ অধিক আছিল।