জাৰী বনোৱা গছটোৰ নীম
Answers
Answered by
2
Explanation:
সাঁচিগছ (Aquilaria malaccensis) সৰু সৰু পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া সুগন্ধিজাতীয় গছ। কাগজ ব্যৱহাৰ কৰাৰ আগতেই ইয়াৰ ছালৰপৰা পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল। ইয়াক সাঁচিপাত বোলে। এই গছৰ পলস কাঠ যদিও কোমল, নিতিতিলে বহুকাল যায় আৰু তাক কেতিয়াও ঘুণে নধৰে। ভিতৰৰ সাৰ তেল-ক'লীয়া বৰণৰ আৰু তাক আগৰ-কাঠ বোলে। সাঁচিগছক অসমত অগৰু গছ বুলিও কয়। ই এক মাঝাৰি ধৰণৰ চিৰসেউজ বৃক্ষ। উচ্চতা সাধাৰণতে ৬০ ৰ পৰা ৮০ ফুট মান হয়। বৰ্গ: Malvales, পৰিয়াল: Thymelaeaceae, গণ: Aquilaria। অন্যান্য স্থানীয় নামৰ ভিতৰত Agor, Oudh, Eagle Wood, Aloe Wood, Aguruh, Krissana, Gaharu, Chen-xiang, Jin-koh আদি উল্লেখযোগ্য।
Similar questions