English, asked by 6002886375, 1 month ago

নৱকান্ত বৰুৱাৰ বিষয়ে লিখা?

Answers

Answered by laxmisatpati034
2

Answer:

নৱকান্ত বৰুৱা:

নৱকান্ত বৰুৱা (ইংৰাজী: Nabakanta Barua) অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান।[উদ্ধৃতিৰ প্ৰয়োজন] তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল 'মনত পৰেনে অৰুন্ধতি', 'ইয়াত নদী আছিল', 'পলস', 'ৰাৱন', 'মহাকাব্যৰ পাণ্ডুলিপি', 'ক্ৰমশঃ' আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, "এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।

জন্ম - ২৯ ডিচেম্বৰ, ১৯২৬গুৱাহাটী, অসম

মৃত্যু - ১৪ জুলাই, ২০০২

ছদ্মনাম - এখুদ ককাইদেউ

পেছা - সাহিত্যিক, কবি, ঔপন্যাসিক

ভাষা - অসমীয়া

ৰাষ্ট্ৰীয়তা - ভাৰত

নাগৰিকত্ব - ভাৰতীয়

উল্লেখনীয় কৰ্মৰাজি - ককাদেউতাৰ হাড়

উল্লেখযোগ্য বঁটা - সাহিত্য অকাডেমি বঁটা (১৯৭৫)

সাহিত্য অকাডেমি বঁটা (১৯৭৫)অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩)

দাম্পত্যসংগী - বীণা বৰুৱা

Similar questions
English, 1 month ago