প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া ? শুদ্ধ উত্তৰ লাগে।
Answers
Answer:
উত্তৰঃ প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল । এই ছয়খনৰ চমু পৰিচয় তলত দিয়া
হ’ল—
( ১ ) তক্ষশীলা বিশ্ববিদ্যালয় : এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনো চতুষ্পাঠী আছিল । তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল । তাত ভাস্কৰ – বিদ্যা, চিত্রাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল । ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল ।
এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত অত্ৰ হ’ল - বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য । এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল । ই প্রথমে হিন্দু বিশ্ববিদ্যালয় । আছিল যদিও পিছলৈ ই বুদ্ধবিশ্ববিদ্যালয় হ’ল ।
( ২ ) শ্রীধান্যকটক বিশ্ববিদ্যালয় : অম্ৰাৱতীনগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল । ই খ্রীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল । ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। নাগার্জুন আছিল ইয়াৰ প্রধান শিক্ষক।
( ৩ ) নালন্দা বিশ্ববিদ্যালয় :- খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় বর্তি আছিল । ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল । বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল । ইয়াত একেলগে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্ৰেণী বহিছিল।
Explanation:
please mark me as Brainlist